30
Oct
2017

বঢ়মপুৰ/চামগুৰিঃ এগৰাকী ১৩ বছৰীয়া কিশোৰ যোৱা ২৭ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত৷ জানিব পৰা মতে, জিলা খনৰ চামগুৰিৰ বাঘবৰালীৰ অবিনাশ ওৰফে পুতলা নামৰ কিশোৰগৰাকী ২৭ অক্টোবৰৰ পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই গৈ আজি পৰ্যন্ত ঘৰলৈ উভতি অহা নাই ৷
১০০ ঘন্টা পাৰ হৈ যোৱাৰ পিছতো কোনো শুংসুত্ৰ উদ্ধাৰ নহোৱাত শংকিত হৈ পৰিছে পৰিয়াল৷ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৩ বছৰীয়া ছাত্ৰ অবিনাশ গুপ্তা ওৰফে পুতলাৰ পৰিয়ালে চামগুৰি আৰক্ষী থানাত শনিবাৰে এজাহাৰ দাখিল কৰে যদিও কিশোৰগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। কোনো লোকে কিশোৰগৰাকীৰ সন্ধান পালে 70356-42061 নম্বৰত জনাবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়৷