
তেজপুৰঃ আজি মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি মিছন চাইনা৷ জুবিন গাৰ্গৰ বিগ বাজেটৰ ছবিখনে ইতিমধ্যে মুক্তি লাভৰ আগতে অভিলেখ ৰচিবলৈ সক্ষম হৈছে৷ ৰাজ্যৰ প্ৰায় প্ৰত্যেকটো ছবিগৃহতে মুক্তিলাভ কৰিবলগীয়া ছবিখনক জুবিন গাৰ্গৰ সমান্তৰালকৈ জুবিনৰ অনুৰাগী সকলো আশাবাদী৷ প্ৰথমখন অসমীয়া বিগ বাজেটৰ ছবি মিছন চাইনাৰ ইতিমধ্যে তিনি দিনৰ দৰ্শনীৰ টিকট আগতীয়াকৈ বিক্ৰি হৈছে৷
এতিয়া সকলোৱে মাথো প্ৰত্যাশাৰে বাট চাইছে অসমীয়াৰ হাৰ্টথ্ৰৱ জুবিনৰ মিছন চাইনা উপভোগ কৰিবলৈ৷ আজি মিছন চাইনাৰ ‘ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব’ চাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিনেমা হলত চিনেমাপ্ৰেমীৰ ভিৰ লাগিছে৷ আগতীয়া বুকিং কৰি টিকট লাভ কৰা চিনেমা প্ৰেমীৰ ভিৰ লাগিছে অসমৰ প্ৰথমটো চিনেমা হলৰ সন্মুখতো৷
আজি পুৱাৰে পৰা সাংস্কৃতিক নগৰী তেজপুৰৰ জোনাকী ছবি গৃহত দেখা গৈছে এক উখল-মাখল পৰিৱেশ৷ জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবিখন চোৱাৰ হেপাঁহত টিকট বিচাৰি একাংশ চিনেমা প্ৰেমীয়ে ছবি গৃহৰ সন্মুখত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰা দেখা গ’ল৷
আনহাতে কেইবাশতাধিক লোকে আগতীয়া টিকট বুকিং কৰি চিনেমাখন উপভোগ কৰাৰ সৌভাগ্য লাভ কৰি উৎফুল্লিত হৈ পৰে৷
আনহাতে মিছন চাইনাৰ প্ৰতি দৰ্শকক আকৃষ্ট কৰিবলৈ ৰচনা কৰা ‘দৌৰি দৌৰি যাম, মিছন চাইনা চাম’ শীৰ্ষক গীতটি আজি জুবিন অনুৰাগীৰ কন্ঠৰে নিগৰি ছবি গৃহৰ সন্মুখত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে৷