মঙলদৈঃ কৰ্নেল গোস্বামী৷ এখন বোলছবিৰ এটি চৰিত্ৰ৷ আৰু এখন বিগ বাজেটৰ অসমীয়া ছবি৷ ‘দৌৰি দোৰি যাম...’৷  হয়, আজি মুক্তি পালে ইমান দিনে নামেৰেই আকাশ বতাহ মুখৰিত হৈ থকা জুবিন গাৰ্গৰ ব্যয়বহুল অসমীয়া ছবি মিছন চাইনা৷

মুক্তিৰ আগতেই ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা প্ৰায় ২ কৌটি বাজেটৰ প্ৰথমখন ব্যয়বহুল ছবি মিছন চাইনাৰ আজি শুভমুক্তি ঘটিল৷ সমগ্ৰ অসমৰ লগতে দিল্লীতো মুক্তিলাভ কৰা মিছন চাইনাই কিন্তু আশাহত নকৰিলে দৰ্শকক৷ মহানগৰীৰ লগতে তেজপুৰ, শিৱসাগৰ আদিৰ ছবি গৃহত আগন্তক তিনিদিনৰ টিকট পূৰ্বতেই বিক্ৰি হৈ হাউছফুল হৈ পৰা ছবিগৃহ সমূহৰ প্ৰথম দৰ্শনীৰ পাছতেই দৰ্শকৰ মুখত দেখা পোৱা গ’ল সন্তুষ্টিৰ হাঁহি৷

ৰাজ্যৰ বিভিন্ন চিত্ৰগৃহৰ নিচিনাকৈ মঙলদৈৰ ড্ৰীম থিয়েটাৰতো পুৱাৰ ভাগত দেখা পোৱা গৈছিল দৰ্শকৰ উথপথপ৷ ‘ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব’ চোৱাৰ হেপাঁহত দৰ্শকৰ উল্লাসে ৰজনজনাইছিল ড্ৰীম থিয়েটাৰৰ বুকু৷ আবেলি প্রথম দৰ্শনীৰ পাছতো কিন্তু একেবোৰ দৰ্শকৰ মাজত দেখা পোৱা গ’ল একেই উছাহ আৰু একেই সন্তুষ্টি৷

এখন উৎকৃষ্টমানৰ অসমীয়া চিনেমা জুবিন গাৰ্গে নিৰ্মাণ কৰিছে বুলি উল্লাসেৰে চিঞৰি উঠা দেখা পোৱা গ’ল চিনেমাখন উপভোগ কৰি ওলাই অহা দৰ্শকক৷

আনহাতে দৰ্শকৰ আগ্ৰহ আৰু মিছন চাইনাৰ জনপ্ৰিয়তালৈ লক্ষ্য কৰি এদিনতে ৬ টা দৰ্শনী দেখুৱাবলগীয়া হ’ল মঙলদৈৰ ড্ৰীম থিয়েটাৰে৷ আনফালে জুবিন গাৰ্গৰ ব্যয়বহুল অসমীয়া চিনেমা মিছন চাইনা চাবলৈ সকলো অসমীয়াক আহ্বান জনাইছে চিনেমাখন চাই ওলাই অহা দৰ্শকসকলে৷