নলবাৰীঃ ৰাজ্যজুৰি প্ৰবল জনপ্ৰিয়তা অৰ্জন কৰা জুবিন গাৰ্গৰ ব্যয়বহুল অসমীয়া বোলছবি মিছন চাইনাক লৈ এতিয়া প্ৰান্তে প্ৰান্তে উদ্ভৱ হৈছে হাহাকাৰ পৰিস্থিতি৷ ছবিগৃহ সমূহত টিকট বিচাৰি গৈ টিকট লাভ নকৰা বাবেই একাংশ আকাংক্ষিত দৰ্শকে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰো৷

আজি নলবাৰী জিলাৰ একমাত্ৰ ছবিগৃহ ভাৰতীয় টকীজতো দেখিবলৈ পোৱা গ’ল তেনে পৰিস্থিতি৷ বহুল জনপ্ৰিয়ছবিখন উপভোগ কৰিবলৈ আহি টিকট নোপোৱাত একাংশ দৰ্শকে ছবিগৃহটোৰ সন্মুখতে উত্তপ্ত পৰিস্থিতৰ সৃষ্টি কৰে৷ ষেষত ছবিগৃহত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ভয়ত ছবিগৃহ কৰ্তৃপক্ষই আৰক্ষী মোতায়েন কৰিবলৈ বাধ্য হৈ পৰে৷

উল্লেখ্য যে, নলবাৰীৰ ছবিগৃহটোত প্ৰথম বাৰৰ বাবে ইমান দৰ্শকৰ আগমন ঘটিছে৷ যিয়ে জুবিন গাৰ্গৰ মিছন চাইনা আৰু অসমীয়া চিনেমাৰ জয়যাত্ৰাৰ সংকেত দিছে৷ কিছুদিন আগতে নলবাৰী মহাবিদ্যালয়ৰ প্ৰাংগনত জুবিন গাৰ্গে মিছন চাইনাৰ প্ৰচাৰৰ বাবে উপস্থিত হৈছিল৷ যাৰ ফলত এই অসমীয়া বোলছবিখনৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পোৱা বাবেও ভাৰতীয় টকীজত দৰ্শকৰ সংখ্যা আচৰিত ভাবে বৃদ্ধি পাইছে৷

আনহাতে চিনেমা হলৰ সন্মুখত দৰ্শকৰ ভিৰ প্ৰত্যক্ষ কৰি অধিকাংশ লোকে নলবাৰীত আৰু এটা চিনেমা হলৰ অভাৱ অনুভৱ কৰিছে৷