20
May
2017

গোলকগঞ্জঃ জাপানীজ এনকেফেলাইটিছৰ টিকাক লৈ দুষ্ট চক্ৰই চলোৱা অপপ্ৰচাৰে সৃষ্টি কৰা আতংকৰ ফলত যোৱা তিনিদিন ধৰি গোলকগঞ্জৰ পাশ্বৱৰ্তী এলেকাৰ বিদ্যালয়সমূহত পাঠদান বন্ধ হৈ আছে।
এই টিকা ল’লে প্ৰজনন ক্ষমতা ধ্বংস হ’ব, জটিল বেমাৰ আদি হ’ব বুলি বিয়পি পৰা উৰাবাতৰি বন্ধ কৰাৰ বাবে গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ উদোগত আজি পুৱা ১০ বজাত মটেৰঝাৰ ছিনিয়ৰ বেছিক স্কুলত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।
সভাত ৰাজহ চক্ৰ বিষয়া চয়নিকা ঠাকুৰীয়াই এই প্ৰতিষেধক সন্দৰ্ভত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী তথা ৰাইজক সজাগ কৰে।
উৰা বাতৰিত ভোল গৈ আতংকিত নহ’বলৈ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ৰাইজক আহ্বান জনাই এই টিকাকৰণ স্বাস্থ্য বিভাগৰ মিছন ইন্দ্ৰ ধনুছ জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক টিকাকৰণ অভিযান বুলি প্ৰকাশ কৰে।