
নগাঁওঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বপ্নৰ ভাৰত নিৰ্মাণৰ আঁচনিৰ অন্যতম পদক্ষেপ হিচাপে সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে ৰূপায়ণ কৰা হৈছে 'মিছন সম্ভৱ' শীৰ্ষক অভিলাষী আঁচনি৷
২০১৮ বৰ্ষৰ ভিতৰত অসমক এখন মুকলি মলত্যাগ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা এই পদক্ষেপ অনুযায়ী বৰ্তমানেও শৌচালয় নথকা মুঠ এক লাখ উপভোক্তাৰ বাবে একোটাকৈ শৌচালয় নিৰ্মাণৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে৷ ইয়াৰ অংশ হিচাপে সমগ্ৰ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অহা ১০ দিনৰ ভিতৰত 'মিছন সম্ভৱ--২০১৮' ৰ অধীনত নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু নগাঁও জিলা পানী আৰু অনাময় সমিতিৰ দ্বাৰা মুঠ ৪ হাজাৰটা শৌচালয় নিৰ্মাণ কৰি তোলাৰ লক্ষ্যৰে আজি ইয়াৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়৷
এই মৰ্মে জিলাখনৰ বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ণ খণ্ডৰ অধীনৰ কাকমাৰী গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত আয়োজিত এখনি ৰাজহুৱা সভাত আনুষ্ঠানিকভাবে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুয়ে৷ ভাষণ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে স্বচ্ছ ভাৰত নিৰ্মাণৰ বৃহৎ আঁচনিৰ অংশৰূপে নিৰ্মাণ কৰিবলৈ লোৱা এই শৌচালয়ৰ নিৰ্মাণ কাৰ্যত যাতে কোনো বিষয়া-কৰ্মচাৰী আৰু এন জি অ’ বা সংস্থাসমূহে কোনো দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সজাগ দৃষ্টি ৰাখিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়৷
সোবাৰে পুৱা এঘাৰ বজাৰ পৰা অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা পানী আৰু অনাময় সমিতিৰ বিষয়া-কৰ্মচাৰী,বিভিন্ন পঞ্চায়তৰ সভাপতি, কাউন্সিলৰ, সচিব আদিৰ লগতে শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে৷ উক্ত সভাতে জিলা পানী আৰু অনাময় সমিতিৰ তৰফৰ পৰা জিলাখনৰ ভোটাইপাঠৰী,চাপৰমুখ,ফুলগুৰি,মাজ-জাজৰি আৰু কাকমাৰী গাঁও পঞ্চায়তক মুকলিত মলত্যাগ মুক্ত পঞ্চায়ত হিচাপে আনুষ্ঠানিকভাবে স্বীকৃতি প্ৰদান কৰাৰ লগতে মানপত্ৰৰে সন্মানিত কৰা হয়৷