নগাঁওঃ জাতি-মাটি-ভেটিক সুৰক্ষা দিব বুলি সদম্ভে ঘোষণা কৰা দল শাসনৰ গাদীত থকাৰ সময়তে চিলাপথাৰৰ পিছত নগাঁৱত খিলঞ্জীয়া অসমীয়াৰ ওপৰত সংঘটিত হোৱা আক্ৰমণক লৈ আজি তৃতীয় দিনাও সমগ্ৰ ৰাজ্যতে উত্তেজনাই বিৰাজ কৰে৷ ঘটনাটোক কেন্দ্ৰ কৰি নগাঁও চহৰত আজি উত্তেজনাই চৰম ৰূপ লয়৷

ইয়াৰ মাজতে নগাঁও আৰক্ষীয়ে সন্ধিয়াৰ ভাগত বিজেপিৰ শীৰ্ষ নেতা তথা কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোঁহাইৰ ব্যক্তিগত সহায়ক মিঠু ৰয় ওৰফে অভিষেকক গ্ৰেপ্তাৰ কৰে৷ মিঠুক গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ পিছতে ডেৰ সহস্ৰাধিক লোকে নগাঁও সদৰ থানাত উপস্থিত হৈ থানা ঘেৰাও কৰে৷ এই বাতৰি যুগুতোৱা পৰলৈকে উত্তেজিত ৰাইজে থানা ঘেৰাও অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷ উত্তেজিত ৰাইজে থানা ঘেৰাও কৰি ধৃত মিঠুক ৰাইজক গতাই দিবলৈ দাবী জনায়৷

প্ৰতিবাদী ৰাইজৰ এনে ৰুদ্ৰমূৰ্তি দেখি জিলা প্ৰশাসন আৰু আৰক্ষীয়ে চহৰখনৰ নগাঁও মহাবিদ্যালয়ৰ পৰা বিএছএনএলৰ কাৰ্যায়লৈকে থকা পথছোৱাত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে৷

প্ৰতিবাদী জনতাই নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যক নিলম্বিত কৰাৰো দাবী উত্থাপন কৰে৷ এই দুই আৰক্ষী বিষয়াই অনা-অসমীয়া ব্যৱসায়ীকেইগৰাকীৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা প্ৰাক্তন আলফা সদস্যকেইজনক থানাৰ ভিতৰত কোবাই লাঠি ভাঙি পেলোৱাৰ কথা জানিব পাৰি অধিক ক্ষোভিত হৈ পৰে প্ৰতিবাদী জনতা৷ দুই আৰক্ষী বিষয়াক নিলম্বন নকৰিলে ভয়াৱহ পৰিস্থিতিৰ বাবে সাজু থাকিবলৈকো সকীয়াই দিয়ে প্ৰতিবাদী ৰাইজে৷

সমগ্ৰ ঘটনাটোক লৈ ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলি থকাৰ মাজতে বৃহস্পতিবাৰে চিচিটিভিৰ আন এটা ফুটেজ পোহৰলৈ আহে৷ এই ফুটেজটোত অনা-অসমীয়া ব্যৱসায়ীকেইজনে বান সাহায্য বিচাৰি যোৱা প্ৰাক্তন আলফা মুন বৰাক ডিঙিত বেল্ট মেৰিয়াই দেৱালত হেচুকি আৰক্ষীৰ সমুখতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা দেখা গৈছে৷ ভিডিঅ’টো ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰাৰ পিছতে একাংশ লোকে সমগ্ৰ ঘটনাটোক আন দিশে লৈ যাবলৈ চলোৱা চেষ্টাত বাধা আহি পৰে৷

বৃহস্পতিবাৰে এনেদৰে সমগ্ৰ নগাঁও চহৰ প্ৰতিবাদ মুখৰ হৈ পৰাত উপায়ুক্ত ছমছেৰ সিং আৰু আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ে সকলোকে শান্ত কৰাৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয়৷ আনকি প্ৰতিবাদী ৰাইজ অধিক উত্তেজিত হৈ প্ৰাক্তন আলফাক মিছা অপবাদ জাপি দি হত্যাৰ চেষ্টা চলোৱা বিজেপিৰে হলি-গলি থকা অনা-অসমীয়া আটাইকেইজন ব্যৱসায়ীকেইজনক গ্ৰেপ্তাৰৰ দাবী জনায়৷

আনহাতে, বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অাক্ৰমণকাৰী তিনি ব্যৱসায়ীক আজি আদালতত হাজিৰ কৰোৱা হয়৷ সেই সময়তে জামিন আবেদনত সহায় কৰা জনৈক শৰ্মা নামৰ অধিবক্তাজনকো উত্তেজিত ৰাইজে আগভেটি ধৰি জামিন আবেদনৰ নথি-পত্ৰ থপিয়াই আনি ফালি পেলোৱাৰ লগতে তাৰ পৰা খেদি পঠিয়ায়৷

তীব্ৰ প্ৰতিবাদ সত্বেও চৰকাৰ তথা প্ৰশাসনে বিষয়টোক গুৰুত্বসহকাৰে নোলোৱাৰ প্ৰতিবাদত কাইলৈ ১১ বজাত নগাঁও চহৰত বৃহৎ প্ৰতিবাদী সমদল উলিয়াব বুলি জানিবলৈ দিছে খিলঞ্জীয়া সুৰক্ষা মঞ্চ, অসমে৷ সংগঠনটোৰ উদ্যোগত হাজাৰ হাজাৰ লোকে নগাঁও চহৰৰ ডিমৰুগুৰিৰ পৰা পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদলত ভাগ ল’ব৷ এই প্ৰতিবাদী সমদলত নগাঁও আছু, নগাঁও যুৱ-ছাত্ৰ পৰিষদে সহযোগিতা আগবঢ়াব বুলিও বাতৰি পোৱা গৈছে৷

ইফালে, নিশাৰ ভাগত ৰাইজৰ ৰোষত পৰাৰ ভয়ত বিজেপিয়ে আক্ৰমণৰ ঘটনাটোৰ সৈতে জড়িত অভিষেক ৰয় ওৰফে মিঠুৰ দলৰ প্ৰাথমিক সদস্য পদ বাতিল কৰা বুলি এক বিবৃতিযোগে জানিবলৈ দিয়ে৷

উল্লেখ্য যে আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত মিঠুৱে দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোঁহাইৰ আন-অফিচিয়েল পাৰ্ছনেল এছিছটেণ্ট হিচাপে কাম কৰি আহিছে৷ কেৱল সিমানেই নহয়, আৰ এছ এছৰ সদস্য মিঠুৰ সংগঠনটোৰ কেবাজনো শীৰ্ষ নেতাৰ সৈতে আছিল সু-সম্পৰ্ক৷