মঙলদৈঃ সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধায়ক-২০১৬ বাতিল কৰাৰ দাবীত দৰং জিলাৰ মঙলদৈত অনশন কাৰ্যসূচী পালন কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৰং জিলা সমিতিয়ে বুধবাৰে পুৱাৰে পৰা অনশনত বহি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মী, মহিলা নেত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধায়ক-২০১৬ মানি লোৱা নহ'ব বুলি কয়৷ 

দৰং জিলা কৃষক মুক্তি আৰু ছাত্র ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দৰং জিলাৰ সদৰ মঙলদৈত ৮ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। দৰং জিলা কৃষক মুক্তিৰ কাৰ্যসূচীতক আগবঢ়াই দৰং জিলা অসম গণ পৰিষদ আৰু প্ৰাক্তন বিধায়ক দিলীপ মৰাণৰ নেতৃত্বত গঠিত হোৱা অসম দৃষ্টি পাৰ্টিয়ে।