বৰক্ষেত্ৰীঃ ৰাজ্য চৰকাৰৰ একাংশ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈ পৰিছে যদিও তাৰ মাজতে ব্যতিক্ৰম এগৰাকী বিধায়ক৷ বিতৰ্ক বেয়া পোৱা এইগৰাকী বিধায়কে বাটে-ঘাটে বিৰোধীক লগ পালে কৰমৰ্দন কৰি পৰিয়ালৰ খবৰ সোধে৷ সংখ্যালঘু অধ্যুষিত সমষ্টিৰ বিজেপিৰ বিধায়কগৰাকীয়ে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে খবৰ ৰাখে৷

১৪ মাহত বিধায়কগৰাকীয়ে কি কৰিলে, কি নকৰিলে তাৰো খতিয়ান দিলে ৰাইজক। নেতা-কৰ্মীক সন্মুখত লৈ ৰাইজক আজি ১৪ মাহৰ খতিয়ান দিয়ে বিধায়ক নাৰায়ণে৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চৈধ্য মাহ অতিক্ৰম কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰথম বৰ্ষপুৰ্তি পালন কৰে। যোৱা ১৪ মাহত চৰকাৰে জনসাধাৰণৰ বাবে বহু আঁচনি ঘোষণাও কৰে।

এই আঁচনিসমূহ সন্দৰ্ভত মন্ত্ৰী-বিধায়ক নেতা-কৰ্মীয়ে ৰাইজক বুজাব পাৰিছেনে নাই, ৰাইজে ইয়াৰ সুবিধা লাভ কৰিছেনে নাই এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে নিজ বাসভৱনত আজি বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই এখন সভাৰ আয়োজন কৰে৷ একপ্ৰকাৰ সমষ্টিৰ ৰাইজৰ সৈতে মুখামুখি হৈ পৰ্যালোচনা কৰাৰ বাবে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই মুকালমুৱাস্থিত বাসভৱনত এই সভা অনুষ্ঠিত কৰে।

সভাত বৰক্ষেত্ৰীৰ ১২ খন পঞ্চায়তৰ জ্যেষ্ঠ নাগৰিকসকলক নিমন্ত্ৰণ জনায় বিধায়কগৰাকীয়ে৷ পঞ্চায়তৰ প্ৰতিনিধিৰ পৰা বিগত চৈধ্য মাহত নিজৰ নিজৰ ঠাইসমূহত আঁচনিসমূহ সুচাৰুৰূপে ৰূপায়ন হৈছে নে নাই তাৰ খতিয়ান লয়।

সভাত অঞ্চলটোৰ কেইবা শ জ্যেষ্ঠ নাগৰিক উপস্থিত থাকি বিধায়কক পৰামৰ্শ দিয়াৰ লগতে দুৰ্নীতিৰ ওপৰত নজৰ ৰাখিবলৈ কয়৷ বিধায়কগৰাকীয়ে জ্যেষ্ঠ নাগৰিকসকলৰ পৰামৰ্শ শুনাৰ পিছত বিজেপি দলৰ নেতা-কৰ্মী নতুবা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কোনো ওজৰ আপত্তি থাকিলে বিধায়কগৰাকীক অৱগত কৰিবলৈ আহ্বান জনায়৷ আনহাতে বিধায়কগৰাকীয়ে যোৱা ১৪ মাহত সমষ্টিৰ কি কি কাম কৰিলে তাৰো খতিয়ান দাঙি ধৰে৷