
নলবাৰীঃ আগন্তুক বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব লগা ছাত্ৰ-ছাত্ৰীক নলবাৰীত পাঠ্যপিথি বিতৰণ কৰে স্থানীয় বিধায়কে৷ আজি নলবাৰী চহৰৰ নাট্যমন্দিৰত সমষ্টিটোৰ অন্তৰ্গত চৰকাৰী বিদ্যালয়ৰ আগন্তুক ২০১৮ বৰ্ষত পৰীক্ষা দিবলগীয়া দৰিদ্ৰ ঘৰৰ ছাত্ৰ-ছাত্ৰীক একোখনকৈ সহায়িকা পুথি আৰু কাগজ-বহী বিতৰণ কৰে বিধায়ক অশোক শৰ্মাই৷
আজি প্ৰথম পৰ্যায়ত ১৩ খন বিদ্যালয়ৰ পৰা ৫১৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয়৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱা তথা বিশিষ্ট ব্যক্তি প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সহস্ৰাধিক ৰাইজ৷