
বালিপৰাঃ বন্যহস্তীৰ বিৰুদ্ধে যুঁজিবলৈ ওলাই আহিছে এগৰাকী বিধায়ক৷ হাতত তুলি লৈছে বাঁহৰ খুটা আৰু বৈদ্যুতিক তাঁৰ৷ সহযোগ কৰিছে জিলা উপায়ুক্তয়ো।
চৰকাৰী আঁচনি তথা ধন অবিহনেই নিজৰ পকেটৰ ধন খৰচ কৰি ৰাইজৰ সহযোগত চাৰিদুৱাৰৰ চাৰিখন গাঁও পঞ্চায়ত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰবেশ কৰা বন্যহস্তীক প্ৰতিৰোধ কৰিবলৈ বৈদ্যুতিক ফেঞ্চিঙৰ ব্যৱস্থা কৰিছে।
শোনিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত লোক্ৰাৰ সোনাইপামত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ প্ৰচেষ্টাৰে জীয়া ভৰলী নৈৰ পাৰত চাৰিদুৱাৰ অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত প্ৰতিহত কৰিবৰ উদ্দেশ্যে এইদৰে সম্পূৰ্ন নিজা খৰচত এনেকৈয়ে সমষ্টিবাসীৰ বাবে উঠি পৰি লাগিছে বিধায়কগৰাকীয়ে।
বিধায়কগৰাকীৰ এনে প্ৰচেষ্টাক একেমুখে প্ৰশংসা কৰিছে সমষ্টীবাসী ৰাইজে।