তুলসীবাৰীঃ ‘মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে, ভাবিব কোনেনো কোৱা সমনীয়া৷ মানুহে মানুহৰ বাবে৷’ আপুনি কেতিয়াবা গুৱাহাটী মহানগৰ, নলবাৰী নতুবা ৰঙিয়ালৈ গৈছে নে৷ তেন্তে পদপথত নতুবা বাছ আস্থানত এনেকৈ জুবিন গাৰ্গ, ভুপেন হাজৰিকাৰ লগতে বিৰহৰ গান গাই থকা এগৰাকী দৃষ্টিহীন যুৱকক দেখা পাব৷ পদপথত বিৰহৰ গানৰ লগতে পেডেল মাৰি মাৰি, ভূপেন হাজৰিকাৰ বুকু হম হম কৰে, মানুহে মানুহৰ বাবে আদি গীত গাই দুই এটকা সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে তেওঁ৷ তেওৰ নাম হিতেশ দাস৷ তেওঁ দৃষ্টিহীন দৰিদ্ৰ যদিও তেও গানৰ ধনী৷ তেওঁ তেও গান গাই গাই চলায় এখন পৰিয়াল৷ 

এহালি চকুৰ কিমান প্ৰয়োজন? বেলি কিদৰে উদয় হয়, জোনাকৰ স্নিগ্ধতা কেনে, অথবা ঢৌময় নদীৰ আকৰত লিখা থাকে কিহৰ ঠিকনা- সেয়াই হয়তো জানিবলৈ প্ৰয়োজন এযুৰি চকুৰ৷ কিন্তু যি প্ৰকৃততেই অন্ধ, তেৱোঁ দেখি পায় অনুভৱৰ দৃষ্টিৰে বহু ছবি৷ চকুৰে নেদেখা মানেই ঈশ্বৰৰ অভিশাপ নহয়৷ চকুৰে নেদেখা মানেই দুৰ্ভগীয়া কোনো নহয়৷

ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰীৰ হিতেশ নাথ যেন তাৰেই এটা উপযুক্ত নিদৰ্শন৷ জন্মগতভাৱে দৃষ্টিহীন হিতেশৰ আছে এক পূৰ্ণ পৰিয়াল৷ যদিও হিতেশৰ পত্নীও দৃষ্টিহীন, তথাপি একমাত্ৰ পুত্ৰৰ দুচকুৰে তেওঁলোকে স্পষ্ট দেখে সুখৰ ভৱিষ্যত৷ সেইবাবেই আৰ্থিক দুৰাৱস্থাকো নেওচি অন্ধ দম্পত্তীহালে নিজৰ পুত্ৰক পঢ়ুৱাইছে উন্নত শিক্ষাৰ ব্যক্তিগত শিক্ষানুষ্ঠানত৷ দৃষ্টিহীন হিতেশৰ আছে এক অনন্য প্ৰতিভাও৷ যি এতিয়া তেওঁৰ পেচা৷

হিতেশৰ সুমধুৰ কণ্ঠই মুহিব পাৰে হাজাৰ শ্ৰোতাৰ হিয়া৷ সেয়ে পদপথত গীত গায় হিতেশে জীৱন নিৰ্বাহ কৰে৷ ভিক্ষা নুখুজে হিতেশে৷ মাথো গানৰ বিনিময়ত মানুহৰ পৰা কামনা কৰে মাননী৷ মঞ্চতে হওঁক বা পদপথত, গান যে গানেই৷ সুমধুৰ আৰু সুললিত গানৰ বিনিময়ত এটকা দুটকাৰ খুচুৰা পইচা এটা তেওঁৰো প্ৰাপ্য৷ 

পদপথত গান গাই বহু কষ্টেৰে পৰিয়ালটো চলাই নিয়া এইজন হিতেশৰ ঘৰত আজি উপস্থিত হয় ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতা৷ অভাৱে জীৱন কোঙা কৰা দৃষ্টিহীন হিতেশৰ ঘৰত উপস্থিত হৈ বিধায়ক গৰাকীয়ে পৰিয়ালটোলৈ ৫ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়ায়৷ দৰিদ্ৰতাৰ ভৰত জুৰুলা অন্ধ দম্পত্তীহালে বিধায়কগৰাকীয়ে আগবঢ়োৱা ধনৰ টোপোলা গ্ৰহণ কৰি বিধায়ক ভৱেশ কলিতালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ লগতে অনাগত দিনত একমাত্ৰ পুত্ৰ সন্তানটোক মানুহ কৰি গঢ়ি তোলাত ক্ষেত্ৰত চৰকাৰ আৰু বিধায়কগৰাকীৰ পৰা অধিক সহায় কামনা কৰে পৰিয়ালটোৱে৷