
গুৱাহাটীঃ মঙলবাৰৰ পৰা ৩১ দিনিয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম বিধান সভাৰ বাজেট অধিবেশন৷ ৩১ দিন চলিবলগীয়া তথা অহা ৬ এপ্ৰিললৈ চলিব এই অধিবেশন৷ বাজেট অধিবেশনৰ প্ৰথম দিনটোত মঙলবাৰৰ পুৱা ৰাজ্যপাল জগদীশ মুখীৰ ভাষণেৰে আৰম্ভ হৈছিল যদিও বিৰোধিৰ হৈ-হাল্লাৰ বাবে ভাষণ আধাতে সামৰিব লগা হয় ৰাজ্যপালগৰাকীয়ে৷
বিৰোধি কংগ্ৰেছৰ বিধায়সকলে ৰাজ্যপালে ভাষণ আৰম্ভ কৰাৰ পিছতে ৰাজ্যপালে ভাষণ দি থকা ঠাইলৈ গৈ প্লেকাৰ্ড প্ৰদৰ্শন কৰে৷ আইন শৃংখলা বৰ্ত্তাই ৰখাত ৰাজ্য চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি বিৰোধিয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন, বিৰোধি দলপতি দেৱব্ৰত শইকীয়াও উঠি যায় বহা আসনৰ পৰা। মূলত ডিমা হাচাওঁ কাণ্ড সন্দৰ্ভত চৰকাৰক বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে।
বিৰোধি কংগ্ৰেছ আৰু এআইইউডিএফৰ হাতে হাতে প্লেকাৰ্ড লৈ ডিমা হাচাও কাণ্ড সন্দৰ্ভত ঘেৰাৰ চেষ্টা কৰে৷ শাসকীয় দল সম্পৰ্ণ বিফল হোৱাৰ লগতে চৰকাৰ বিফল হোৱা বুলি অভিযোগ উত্ছথাপন কৰে বিৰোধিয়ে৷
এনআৰচি, ডিমা হাচাও কাণ্ড, ছিণ্ডিকেট, নাগালিম ফ্ৰেমৱৰ্ক চুক্তি আদি বিষয়ক লৈ শাসকীয় দলক ঘেৰাৰ চেষ্টা কৰিব বিৰোধিয়ে৷ অহা ১২ মাৰ্চত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৮-১৯ বৰ্ষৰ বাজেট দাখিল কৰিব৷ এইবেলি শাসকীয় দলে বিভিন্ন বিষয় সন্দৰ্ভত ১৭ খন বিল বিধান সভাত উল্লেখ কৰি গৃহিত কৰাৰ চেষ্টা চলাব৷