
মোৰাঝাৰঃ শুকুৰবাৰে হোজাই জিলাৰ যমুনামুখ সমষ্টিত কেন্দ্ৰ ৰাজ্য-চৰকাৰৰ ৰূপায়িত হোৱা বিভন্ন আঁচনি পৰ্যবেক্ষণ কৰে অসম বিধান সভাৰ এটা বিধায়কৰ দলে৷ বিভিন্ন আঁচনি ৰূপায়ণৰ ৰেহ-ৰূপ প্ৰত্যক্ষ কৰাৰ কৰিবৰ বাবে উপস্থিত হোৱা বিধায়তক দলটোত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, নলবাৰীৰ বিধায়ক অশোক কুমাৰ শৰ্মা, বিধায়ক মানচিং ৰংপি সহ ৫গৰাকী বিধায়ক উপস্থিত হয়৷
নীলবাগান-দেৱস্থান পথকে ধৰি বিভিন্ন স্থান পৰিদৰ্শন কৰে বিধায়কৰ দলটোৱে৷ হোজাই জিলাৰ অন্যতম ব্যস্ত পথ নীলবাগান-দেৱস্থান পথ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰাত ৰাইজে ব্যাপক সমস্যাত পৰি আহিছে৷ যমৰ-যাতনা ভোগ কৰি পথটোৰে আহ-যাহ কৰিব লগা ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল আদিয়ে৷
নিতৌ শ-শ লোকে আহ যাৰ কৰা পথটো দীৰ্ঘ দিনৰ পৰা ৰাইজে মেৰামতি কৰাৰ দাবীত তীব্ৰ আন্দোলন কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও বদৰুদ্দিন আজমল আজমল তনয় আব্দুৰ ৰহিম আজমলে গুৰুত্ব আপোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অৱশেষত ৰাইজৰ দাবীত সদন সমিতিয়ে পথটোৰ প্ৰত্যক্ষ কৰি চিন্তা ব্যক্ত কৰে৷ প্ৰতিনিধি দলটোৱে শীঘ্ৰে পথটো মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে৷ প্ৰতিনিধি দলটোৱে স্থানীয় দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে ৰাইজৰ সৈতে বহু সময় আলোচনাত মিলিত হৈ সমষ্টিৰ সমস্যাসমূহৰ বুজ লয়৷