
newsnextone.com | ডিজিটেল ডেস্কঃ ১৯৭৭ চনত দেশত ঘোষিত জৰুৰীকালীন অৱস্থাই ৪৩ বছৰ অতিক্ৰম কৰে৷ ১৯৭৭ চনত ঘোষিত জৰুৰীকালীন অৱস্থাৰ গইনা লৈ বিজেপিয়ে ২০১৮ চনত কংগ্ৰেছক ঘেৰাও কৰা পৰিলক্ষিত হৈছে৷ জৰুৰীকালীন অৱস্থাক সুঁৱৰি বিজেপিয়ে সমগ্ৰ দেশত কলা দিৱস পালন কৰে৷ একপ্ৰকাৰ কলা দিৱস কংগ্ৰেছক সমালোচনা কৰা দিৱসত পৰিণত হয়৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে সংবাদ মেল অনুষ্ঠিত কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়৷ কেৱল ইমানে নহয় সমগ্ৰ দেশৰ নেতাই আৰু প্ৰতিখন জিলাত সংবাদ মেল অনুষ্ঠিত কৰি কলা দিৱস পালন কৰে৷ অসমতো বিজেপিয়ে ৩৬ খন সাংগঠনিক জিলাত কলা দিৱস পালন কৰি সংবাদ মেল অনুষ্ঠিত কৰে৷ প্ৰকৃততে এয়া কংগ্ৰেছক সমালোচনা কৰাৰ বাবে দিৱস পালে কৰাৰ দৰে হোৱা বুলি অভিযোগ উত্থাপন হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে মুম্বাইত অনুষ্ঠিত হোৱা বিজেপিৰ কৰ্মকৰ্তাৰ এখন জনসভাত অংশ লোৱাৰ লগতে জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছক বিৰোধীতা কৰা একাংশ লোকক সাক্ষাৎ কৰে৷
মুম্বাইত জনসমাবেশত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যিটো দলৰ আভ্যন্তৰীণ গণতন্ত্ৰ নাই সেই দলৰ পৰা লোকতন্ত্ৰৰ আশা কৰিব নোৱাৰি বুলি কৈ কংগ্ৰেছক আক্ৰমণ কৰে৷ জৰুৰীকালীন অৱস্থাৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নাটক কৰা বুলি কয় মোডীয়ে৷ প্ৰধানমন্ত্ৰীয়ে বিৰোধী কংগ্ৰেছকে নহয় পৰিয়ালতন্ত্ৰৰ কথা কৈ গান্ধী পৰিয়ালক আক্ৰমণ কৰে মোডীয়ে৷ মোডীয়ে হিন্দী বোলছবি জগতৰ জনপ্ৰিয় সংগীতজ্ঞ কিশোৰ কুমাৰক কংগ্ৰেছৰ বাবে গান নাগাঁও বুলি কোৱাৰ বাবে তেওঁৰ গান ৰেডি’অ আৰু বোলছবিত নিষিদ্ধ কৰা বুলি কয়৷ মোডীয়ে কয় ‘‘জ্যেষ্ঠ সাংবাদিক কুলদ্বীপ নায়াৰক সন্মান কৰো৷ জৰুৰীকালীল অৱস্থাৰ পৰা মুক্তি বিচাৰি যুদ্ধ কৰিছিল৷ আমাক কটু সমালোচনা কৰাৰ পিছতোঁ সেই সময়ত তেওঁ কৰা সমালোচনাৰ বাবে আজি তেওঁক চালাম কৰো৷’’
কংগ্ৰেছৰ নাম নোলোৱাকৈয়ে সেই সময়ত তেওঁলোকে পঞ্চায়তৰ পৰা সংসদলৈ ৰাজ কৰিছিল বুলি কয় মোডীয়ে৷ যাৰ বাবে ৪০০ৰ পৰা ৪৪ জন হৈ পৰিছিল কংগ্ৰেছৰ সাংসদৰ সংখ্যা৷ কংগ্ৰেছৰ ভৰষাত দেশৰ সংবিধান আৰু ন্যায়পালিকা সুৰক্ষিত নহয় বুলি কয় মোডীয়ে৷ কংগ্ৰেছে দলিতৰ নামত দেশত ভয়ৰ পৰিবেশ গঢ়ি তুলিছে৷ জৰুৰীকালীন অৱস্থাত ভাল সাংবাদিকসকলো ভয়ত দিন কটাবলগীয়া হৈছিল৷ জৰুৰীকালীন অৱস্থাত ন্যায় ব্যৱস্থা সংকটত পৰিছিল৷ এটা পৰিয়ালৰ চকী যাব বুলি ভয়ত পৰিছিল৷ যাৰ বাবে সংবিধান নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰিছিল৷
মোডীয়ে এয়া কংগ্ৰেছক সমালোচনা কৰাৰ বাবে এই দিৱস পালন কৰা নাই বুলি কৈ লোকতন্ত্ৰক ভাল পোৱা সকলৰ উৎসৱ বুলি কয়৷ জৰুৰীকালীন অৱস্থাত ডাঙৰ মানুহৰ বাবে কাৰাগাৰ সঁজোৱা বুলি কৈ এটা পৰিয়ালৰ বাবে সংবিধান ব্যৱহাৰ কৰা বুলি কয়৷ ৪৩ বছৰ পূৰ্বে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি পাপ কৰিছিল৷ মোডীয় ৪৩ বছৰ পূৰ্বে ঘোষণা কৰা জৰুৰীকালীন অৱস্থা দেশৰ ইতিহাসৰ বাবে কলা দিন বুলি কয়৷