ডিজিটেল ৰিপ'ৰ্টঃ পলমকৈ হ’লেও অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহি উত্তৰ-পূৱৰ বাবে ২০০০₹ কোটিৰ পেকেজ ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি পুৱা ১০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত বিশেষ বিমানেৰে অৱতৰণ কৰি হেলিকপ্টাৰযোগে খানাপাৰাত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী।

ইয়াৰ পিছতে খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ সভাকক্ষত অসমসহ উত্তৰ-পূবৰ বান আৰু ভূমিস্খলনত বিধ্বস্ত ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়েও অংশগ্ৰহণ কৰে। আলোচনা কালত আটাইকেইজন মুখ্যমন্ত্ৰীয়ে প্ৰধামন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে।

এই বৈঠকৰ অন্তত মিত্ৰজোঁটৰ বিধায়িনী দলৰ বৈঠকত ভাগ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৈঠকত বিধায়কসকলক উদ্দেশ্যি মোদীয়ে ভাষণ আগবঢ়োৱাৰ লগতে ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। বৈঠকত মোদীয়ে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে বান পৰিস্থিতৰ বুজ লয়। প্ৰায় ৪ ঘণ্টা ধৰি চলা বৈঠকৰ অন্তত মোদী পুনৰ বিমানবন্দৰ অভিমুখে ৰাওনা হ'বলৈ যো-জা চলায়।

ইয়াৰ মাজতে, বৈঠকত ভাগ লৈ ওলাই অহা ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক জনাই যে প্ৰধানমন্ত্ৰীয়ে অসমৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে বান আৰু ভূমিস্খলন সন্দৰ্ভত পৃথকে পৃথকে আলোচনাত মিলিত হয়।

তেওঁ আৰু কয় যে অসমত উপস্থিত হৈ মোদীয়ে উত্তৰ-পূৱৰ ৰাজ্যকেইখনে বান পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ ২০০০₹ কোটিৰ পেকেজ ঘোষণা কৰে। আনহাতে অসমৰ বাবে বান সমস্যাৰ তাৎক্ষণিক সমাধান কৰিবলৈ ২৫০₹ কোটি মোকলাই দিব বুলি মোদীয়ে ঘোষণা কৰাৰ কথাও সদৰী কৰে হিমন্ত বিশ্ব শৰ্মাই। বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ বৈঠকত অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে এক বিশেষ প্ৰকল্প হাতত লোৱাৰ কথাও সদৰী কৰে।

বিত্তমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, এই প্ৰকল্পৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ গতিবিধি পৰ্যবেক্ষণ কৰি ৰাজ্যখনৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাট মুকলি কৰিব পৰা যাব। ইয়াৰ বাবে আছুতীয়াকৈ মোদীয়ে ১০০₹ কোটি ঘোষণা কৰা বুলি জানিবলৈ দিয়ে হিমন্তই। এই সন্দৰ্ভত আৰু অধিক বা-বাতৰি লাভ কৰিবৰ বাবে Googleত ভিজিট কৰক www.newsnextone.com।