ধিংঃ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁৱৰ চকলাঘাটৰ সোণাইপাৰ গৌৰীনাথ মন্দিৰত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মহাৰুদ্ৰযজ্ঞৰ জলাৰোহন অনুষ্ঠান ৷ বেদ,যজ্ঞ আৰু মন্ত্ৰৰোচ্চাৰণৰে আৰম্ভ হোৱা শ্ৰীশ্ৰী মহাৰুদ্ৰৰ জলাৰোহন যজ্ঞৰ আজি চতুৰ্থদিন ৷

যোৱা ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই  মহাৰুদ্ৰ যজ্ঞৰ  চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আটাইতকৈ আকৰ্ষণ আছিল এহেজাৰ এগৰাকী মহিলাৰ জলাৰোহন কাৰ্যসূচীৰ দৃশ্য ৷ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা এই জলাৰোহন কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী মহিলাই সম্পূৰ্ণ শুদ্ধ সাজপাৰ পৰিধান কৰি  হাতে হাতে কলচী লৈ জলাৰোহন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

বিধায়িকা আঙুৰলতাইও হাতত কলচী লৈ যজ্ঞৰ বাবে পানী আনিলে সোণাই নৈৰ পৰা। জলৰোহন কাৰ্যসূচীৰ অন্তত শুক্ৰবাৰে দুপৰীয়াৰ পৰা অনুষ্ঠিত হয় মহাৰুদ্ৰ যজ্ঞৰ অনুষ্ঠান।

উল্লেখ্য যে, সম্পূৰ্ণ সাত্বিক পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ থকা এই ধৰ্মীয় অনুষ্ঠানে সোণাইপাৰ গৌৰীনাথ মন্দিৰ প্ৰাঙ্গণ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত কৰিছে ।