
নাওকাটাঃ পেটৰ তাড়নাত বহিঃ ৰাজ্যৰ ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিবলৈ যাবলগীয়াত পৰে ৰাজ্যখনৰ হাজাৰ হাজাৰ লোক৷ জীৱন-জীৱিকাৰ তাগিদাত বহিঃৰাজ্যলৈ গৈ একাংশ যুৱকে লটি-ঘটিৰ সন্মুখীন হবলগীয়া হয়৷ বহু যুৱক আজিও নিৰুদ্দেশ হৈ থকাৰ লগতে বহু যুৱক আক্ৰমণৰো বলি হৈ আহিছে।
ইয়াৰ মাজতে বহিঃৰাজ্যত কাম কৰিবলৈ গৈ ৰেলৰ পৰাই নিৰুদ্দেশ হয় বাক্সা জিলাৰ সুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত উপৰখুঁটি গাঁৱৰ অতুল ডেকাৰ পুত্ৰ তথা দুটি ল'ৰা সন্তানৰ পিতৃ মইনা ডেকা(৩৭)৷
যোৱা ২৫ জুলাইত গাঁৱখনৰে আন ৬জন যুৱকৰ সৈতে কামৰ সন্ধানত গোৱালৈ বুলি ওলাই গা আজিলৈ নিৰুদ্দেশ হৈ আছে মইনা৷
তেওঁলোকে ৰঙিয়া ৰেল ষ্টেছনত ৰেলত উঠি গোৱা অভিমুখে যাত্ৰা কৰাৰ পিছতে টিকট সম্পৰ্কীয় অসুবিধাৰ বাবে নলবাৰীত নামি পিছদিনা পুনৰ যাত্ৰা আৰম্ভ কৰে। কিন্তু ২৯ জুলাইৰ দিনা অন্ধ্ৰ প্ৰদেশৰ এটি ষ্টেছনৰ পৰা মইনা নিৰুদ্দেশ হোৱা বুলি একেলগে যোৱা হেমন্ত দাসে পৰিয়ালক খবৰ দিয়ে৷
মইনাৰ পৰিয়ালে স্থানীয় সুৱাগপুৰ আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰে যদিও অদ্যপি শুংসূত্ৰ লাভ কৰা নাই মইনাৰ।
হাফপেন্ট আৰু গুলপীয়া ৰঙৰ টি-চাৰ্ট পৰিহিত তথা অসমীয়া, হিন্দী, নেপালী ভাষা ক’ব জনা মইনাৰ সন্ধান পালে নিকটৱৰ্তী আৰক্ষী অথবা ৮০১১৪-৪৮০৪৯ নম্বৰত যোগাযোগ কৰিবলৈ উদ্বিগ্ন হৈ পৰা মইনাৰ পত্নী নিৰু ডেকাই আহ্বান জনাইছে।