
শুক্লাইঃ ককালত খালৈ বান্ধি হাতত জাকৈ লৈ মাকৰ পাছে পাছে মাছলৈ যায় তাই৷ বোকা পানী গছকি জাকৈ টানি মাছ ধৰি ভাল পায়৷ স্কুলীয়া কালৰ পৰাই মাছ ধৰি আনন্দ লভে তাই৷ মাকৰ সমানে সমানে ঘৰৰ সকলো কাম কৰে তাই৷ দৰিদ্ৰ পৰিয়ায়ৰ জীয়ৰি হ'লেও পঢ়ি-শুনি ডাঙৰ মানুহ হ'ব খোজে ছোৱালীগৰাকীয়ে৷ ছোৱালীগৰাকী হৈছে বিটিএডিৰ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ পূৱ বাবৰিখাট গাঁৱৰ মমী বড়ো।
মমী বড়ো উত্তৰ দৰং কনিষ্ঠ মহাবিদ্যালয়ৰ কলা শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী৷ পঢ়াই-শুনাই, কামে-বনে পাৰ্গত মমী৷ খেল-ধেমালি, বাগৰুম্বা নৃত্য কৰি ভাল পায় মমীয়ে৷ গাঁৱৰ আন দহগৰাকী জনগোষ্ঠীয় গাভৰুৰ দৰে মমীৰো পঢ়িবলৈ মন৷ মমীয়ে সৰু চাকৰি এটা হ'লেও কৰি পিতৃ-মাতৃক সুখ দিব বিচাৰে৷ যাৰ বাবে তাই নিতৌ মন দি পঢ়ে৷ লগতে ঘৰখনৰ প্ৰতিটো খবৰ ৰাখে৷
দৰিদ্ৰ ঘৰখনক পোহৰ দিয়াৰ বাবে পঢ়ি-শুনি চাকৰি কৰিব খোজা মমী এতিয়া বিছনাৰ সংগী৷ মমীৰ পৰিয়াল অসহায়৷ সুন্দৰ-সুঠাম মমীয়ে এতিয়া মৃত্যুৰে যুজিছে অহৰ্নিশে৷ মমীৰ চকুত আজিও ভাহি আছে এটি এটি সপোন৷ ভেৰগাঁও মহকুমাৰ টাউনৰ পূৱ বাবৰিখাট গাঁৱৰ ৰতন বড়ো আৰু আননৰী বড়োৰ দ্বিতীয় কন্যা তথা টংলাৰ উত্তৰ দৰং কনিষ্ঠ মহাবিদ্যালয়ৰ কলা শাখাৰ দ্বিতীয় বৰ্ষৰ মেধাৱী ছাত্ৰী মমী বড়োৰ (১৭) দুয়োটা কিডনী বিকল হৈ শয্যাগত হৈ আছে৷
দৰিদ্ৰ পৰিয়ালটোৱে সাধাৰণ চিকিৎসা কৰিয়েই মমীক বিছনাত শুৱাই থৈ দুখৰ দিন পাৰ কৰিছে৷ মমীক চিকিৎসা কৰিবলৈ প্ৰয়োজন লক্ষ লক্ষ টকাৰ৷ যি কথা তেওলোকে সপোনতো ভাবিব নোৱাৰে৷ চিকিৎসকৰ মতে মমীৰ কিডনী সংস্থাপন কৰিব লাগিব৷ প্ৰথমিক চিকিৎসা কৰিবলৈ এটকা নথকা, পৃথিৱীৰ আও-ভাও নোপোৱা দুখীয়া পৰিয়ালটোৰ বাবে তেনে চিকিৎসা সম্ভৱ নহয়৷ গুৱাহাটী চকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে শীঘ্ৰে ছাত্ৰীগৰাকীক চেন্নাইলৈ লৈ গৈ অন্য কিডনী সংস্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷
এই চিকিৎসা অত্যন্ত ব্যয়বহুল৷ কথাটো জানি দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ৰতন বড়োৰ মূৰত সৰগ ভাগি পৰিছে৷ দিনে দিনে শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটা মমী বড়োৱে ঘৰত বহি বহিয়ে মৃত্যুৰ ক্ষণ গনিছে৷ অসহায় পিতৃ-মাতৃয়ে মাথো চকুলো টুকিছে কন্যালৈ চাই৷
শীঘ্ৰে ছাত্ৰীগৰাকীক প্ৰয়োজন উন্নত চিকিৎসাৰ৷ মেধাৱী ছাত্ৰীগৰাকীক উন্নত চিকিৎসাৰে সুস্থ কৰি তুলিবলৈ পিতৃ ৰতন বড়োৱে বিধায়িকা কমলী বসুমতাৰী, বিটিচিৰ উপাধ্যক্ষ এন বড়ো, বিটিচিৰ কাৰ্য্যবাহী সদস্য বনজাৰ দৈমাৰী আৰু লৌমশ্ৰীউ দৈমাৰীক কাকতৰ অনুৰোধ জনোৱাৰ পিছতো তেওঁলোকে ৰুগীয়া লোকক সহায় কৰিবলৈ কোনো আঁচনি নাই বুলি উভতাই পঠিয়ায়৷
শ শ বড়ো যুৱকে বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিদ্ৰোহী হৈছিল৷ সেনাৰ গুলীত ধৰাশয়ী হৈ মাতৃৰ বুকু শুধা কৰিছিল৷ বহু নাৰীৰ কপালৰ ফোট মচা গৈছিল৷ বড়ো জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে হাজাৰ তেজাল ডেকাই প্ৰাণ দিয়াৰ পাছত জন্ম হৈছিল বিটিএডিৰ৷
কিন্তু কেন্দ্ৰ-ৰাজ্য চৰকাৰে বছৰে কোটি কোটি টকা দিয়াৰ পাছতো বড়ো জনগোষ্ঠীৰ শতকৰা ৮০ শতাংশ লোক আজিও দৰিদ্ৰ৷ সেই টকাৰে মুষ্টিমেয় কেইগৰাকীমান লোকে লাহ-বিলাহ কৰি সুখৰ জীৱন কটোৱাৰ বিপৰীতে বাকী অধিকাংশই যুঁজ দিবলগীয়া হৈছে দৰিদ্ৰতাৰে। এই অভিযোগ বড়ো জনগোষ্ঠীটোৰ পৰাই দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে।
বিলাসী গাড়ী, ঘৰৰ মালিক হোৱা একালৰ সংগ্ৰামী নেতাসকলে দৰিদ্ৰ মমীৰ দৰে লোকৰ বাবে আঁচনি লবলৈয়ো পাহৰি গ’ল৷ মমীৰ পিতৃয়ে এতিয়া অসমৰ ৰাইজক আবেগিক আহ্বান জনাইছে অকণমান সহায়ৰ বাবে৷ কোনো ব্যক্তি বা সংস্থাই মমীক সহায় কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংকৰ ভেৰগাঁও শাখাত মমীৰ পিতৃৰ নামত থকা ৭০৫৭০২৬০০০০৫৫ একাউন্ট নম্বৰ অথবা ৯৮৫৯৮৮৯৭০৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷