ডিজিটেল ডেস্কঃ  মম’ই আপোনাক আলজেইমাৰ জাতীয় স্মৃতিভ্ৰমকাৰী ৰোগৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰি কৰ্কটৰ দৰে ৰোগো সৃষ্টি কৰিব পাৰে এই জনপ্ৰিয় ফাষ্টফুডবিধে। এই মন্তব্য এজন বিজেপি বিধায়কৰ।

বিধায়কগৰাকীৰ মতে নিষিদ্ধ ঘোষণা কৰিব লাগে মম’। দেশৰ খাদ্য ৰসিকসকলৰ প্ৰিয় ফাষ্টফুড ম’ম’ বন্ধ কৰিবলৈ আহ্বান জনালে জন্মু কাশ্মীৰৰ বিজেপি বিধায়ক ৰমেশ অৰোৰাই৷

বুধবাৰে বিধায়কগৰাকীয়ে কয় যে দীৰ্ঘদিন ধৰি ম’ম’খোৱাৰ ফলত কৰ্কটকে ধৰি বিভিন্ন মাৰাত্মক ৰোগ হ’ব পাৰে৷ মুলত ম’ম’ত ব্যৱহাৰ কৰা আজিন’ম’ট’ স্বাস্থ্যৰ বাবে হানিকাৰক বুলি উল্লেখ কৰি দেশত ম’ম’ বন্ধ কৰিবলৈ আহ্বান জনায়৷

তদুপৰি কৰ্কটৰ বাহিৰেও স্মৃতিশক্তি বিলোপ দৰে ৰোগো ম’ম’ ভক্ষণ কৰিলে হ’ব পাৰে বুলি ৰমেশে কয়৷ শেহতীয়াকৈ ৰমেশে জন্মু কাশ্মীৰৰ স্বাস্থ্যমন্ত্ৰী বালী ভগতক দেখা কৰি ৰাজ্যখনত ম’ম’ নিষিদ্ধ কৰিবলৈ আহ্বান জনাই৷ সুৰা আৰু মানসিক প্ৰভাৱ পেলোৱা ঔষধতকৈও ম’ম’ বিপদজনক বুলি উল্লেখ কৰিছে বিধায়কগৰাকীয়ে৷