গোলকগঞ্জঃ অচিনাক্ত দুৰ্বৃত্তই ধন দাবী কৰাৰ ঘটনাক লৈ ধুবুৰীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷ ধুবুৰী জিলাৰ গোলকগঞ্জ বজাৰস্থিত দত্ত ভাণ্ডাৰত অচিনাক্ত দুৰ্বৃত্তই ধন দাবী কৰে৷

এই ঘটনাৰ পাছতেই অঞ্চলটোৰ ব্যৱসায়ী সকলৰ মাজত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ উত্তেজিত লোকসকলে উত্তপ্ত কৰি তোলাও পৰিলক্ষিত হয়৷ পাছত ঘটনাস্থলীত চি আৰ পি এফৰ লগতে গোলকগঞ্জ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

এই মুহূৰ্তত ধন দাবীৰ বিৰুদ্ধে গোলকগঞ্জ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ আছে।