02
Sep
2017

মৰিয়নীঃ ৰাজ্যত পুনৰ সংঘটিত হ’ল ধন দাবীৰ ঘটনা৷ এইবাৰ দুৰ্বৃত্তৰ নজৰ পৰিল মৰিয়নী চেলেং চাহ বাগিছাৰ পৰিচালকৰ ওপৰত৷ এন এছ চি এনৰ নামৰ এটা সংগঠনৰ নামত পত্ৰ প্ৰেৰণ কৰি চাহ বাগিছাখনৰ পৰিচালক প্ৰদীপ ফুকনৰ পৰা ৬০ লাখ দাবী কৰিছে দুৰ্বৃত্তই৷
আনহাতে দুদিনৰ ভিতৰতে দাবী কৰা ধন দিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে পৰিচালকজনক। সংগঠনটোৱে ধন দাবী পত্ৰ সহ খামত পঠিয়াইছে দুই জাই গুলিও। ইতিমধ্যে ভীতিগ্ৰস্থ হৈ পৰিচালকজন আৰক্ষীৰ ওচৰ চাপিছে৷