মংগলদৈঃ প্ৰদূষণ আৰু পেট্ৰ’লৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিপৰীতে দৰঙৰ এগৰাকী ছাত্ৰই উদ্ভাৱন কৰি উলিয়াইছে পানীৰে চলা গাড়ী৷ প্ৰায় ছমাহ ধৰি নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত ছাত্ৰজনে ৰাজপথত চলালে পানীৰে চালিত গাড়ীখন৷

দৰঙৰ পিপিৰাদোকানৰ প্ৰসন্ন ডেকা নামৰ মংগলদৈ মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰজনে এইচ টু অ’ নাম দি সাজি উলিয়াইছে পানীৰে চালিত বিশেষ গাড়ীখন ৷ ৫৫ বাৰ অসফল হোৱাৰ পাছত সম্প্ৰতি পানীৰে গাড়ীখন চলাবলৈ সক্ষম হৈছে ছাত্ৰজনে৷

গাড়ীখনৰ উদ্ভাৱনত এই পৰ্যায়লৈ মুঠ ৮৫ হাজাৰ টকা খৰচ হৈছে৷ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে পঢ়াশুনাৰ লগতে হাজিৰা কাম কৰি এই ধন গোটাই উদ্ভাৱন কৰিছে পানীচালিত গাড়ীখন৷ প্ৰদূষণমুক্ত সমাজ আৰু পেট্ৰ’লৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰজনে পানীৰে চালিত এই গাড়ীখন সাজি উলিওৱাৰ কথা প্ৰকাশ কৰে৷

ইপিনে পানীচালিত গাড়ীখন এবাৰ নিজ চকুৰে চাবলৈ অগনন লোকে ছাত্ৰজনৰ ঘৰত ভিৰ কৰিছে৷ অৱশ্যে গাড়ীখন নিৰ্মাণত কি প্ৰযুক্তি ব্যৱহাৰ কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷