
ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। ইফালে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদানৰ মাজতে আৰম্ভ কৰা হয় বৰ্ষাকালীন অধিৱেশনখনিৰ। সংসদক সম্বোধি দিয়া ভাষণত এই অধিৱেশনক তাৎপৰ্যপূৰ্ণ আখ্যা দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজিৰ দিনটোতে সূচনা হৈছিল ভাৰত ত্যাগ আন্দোলনৰ। ই এটা ঐতিহাসিক দিন। তদুপৰি ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথাও উল্লেখ কৰে মোদীয়ে।
অধিৱেশনত ভাগ লোৱাৰ প্ৰাকমূহুৰ্তত সংসদত ভৰি থোৱা আগেয়ে মোদীয়ে টুইটযোগে কয় যে জিএছটি মানে হৈছে গ্ৰৱিং ষ্ট্ৰংগাৰ টুগেদাৰ অৰ্থাৎ মিলিজুলি শক্তিশালী হোৱা। এয়েই হৈছে জিএছটিৰ উদ্যম। দেশৰ স্বাৰ্থতে সকলো বিৰোধী দলে আলোচনাৰ মাজেৰে সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰে মোদীয়ে।
উল্লেখ্য যে অধিৱেশনৰ পূৰ্বে শৰদ যাদৱ, গুলাম নবী আজাদ, আনন্দ শৰ্মা, ফাৰুক আবদুল্লা, ডি ৰাজাকে ধৰি বিৰোধী দলৰ কেবাজনো প্ৰমুখ নেতাই এক আলোচনাত মিলিত হয়।
ইয়াৰ পিছতে লোকসভাৰ নতুন সদস্য হিচাপে ফাৰুক আবদুল্লাই শপত গ্ৰহণ কৰে। তাৰ পিছে পিছে বিজেপিৰ বিনোদ খান্নাকে ধৰি প্ৰয়াত সদস্যসকলৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। অমৰানাথৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱাসকললৈ শ্ৰদ্ধাঞ্জলি যাঁচি ১৮ জুলাইলৈ দুয়োখন সদনেই স্থগিত ৰখাৰ কথা ঘোষণা কৰা হয়।