মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ মাটিখোলাৰ মৌলানা আজাদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠান ২৯ আৰু ৩০ ডিচেম্বত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উখল মাখল পৰিৱেশৰ মাজেৰে সফল সামৰণি পৰে৷

ৰূপালী জয়ন্তী সমাৰোহত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আৰু অভিভাৱকৰ মাজত উচাহৰ ঢল বোৱা পৰিলক্ষিত হয়। ব্যয়বহুল বাজেটেৰে সমিতিয়ে আয়োজন কৰা অনুষ্ঠানত স্থানীয় ৰাইজ, বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা হোজাই জিলাৰ লগতে ৰাজ্যৰ ভিতৰে-বাহিৰে কৰ্মৰত বিদ্যালয়ৰ শুভাকাংক্ষীসকল উপস্থিত থকাৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

উল্লেখ্য যে ২৯ ডিচেম্বৰত ৰূপালী জয়ন্তী সমাৰোহৰ শিবিৰৰ দুৱাৰ মুকলি কৰে ডা: বুৰহান উদ্দিন চৌধুৰীয়ে৷ প্ৰথম দিনাৰ কাৰ্যসূচীৰ বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক আব্দুৰ ৰশ্বিদ চৌধুৰী, লগতে স্থানীয় ৰাইজে বিদ্যালয়ৰ পঁছিশখন পতাকা উত্তোলন কৰে৷

উৎসৱৰ মূল মঞ্চ উদ্বোধন কৰে জয়ন্তীৰ কাৰ্যকৰী সভাপতি আনোৱাৰ হুছেইনে৷ 'সেতু বন্ধন’ আলোচনা চক্ৰৰ গুৰি ধৰে বিশিষ্ট সাংবাদিক মনজিৎ মহন্তই। লগতে উপস্থিত থাকি ভাষণ আগবঢ়ায় বিশিষ্ট সাংবাদিক জিয়াউৰ ৰহমান, দিলৱাৰ হুচেইন মজুমদাৰ, কে জামান, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ব্যৱসায়ী হাফিজ কালানদৰ আলী বৰলস্কৰ৷ 

প্ৰাক্তন কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্টানৰ শুভাৰম্ভ কৰে নীলবাগান মডেল উ: মা: বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভুঞাই৷ প্ৰাক্তন শিক্ষকসকলক সম্বৰ্ধনা অনুষ্টানৰ আঁত ধৰে হাজী আনফৰ আলী কলেজৰ প্ৰৱক্তা ড৹ হাচিনুছ চুলতানে৷ দ্বিতীয় দিনা পুৱা বৃক্ষ ৰোপন কাৰ্য শুভাৰম্ভ কৰে দক্ষিণ নগাঁও বন সংমণ্ডল বিষয়া পুলক কুমাৰ চৌধুৰী আৰু ডঃ ৰহমত আলীয়ে৷

প্ৰাক্তন কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা অনুষ্ঠান শুভাৰম্ভ কৰে প্ৰাক্তনমন্ত্ৰী হাজী আব্দুৰ ৰৌফে। উক্ত অনুষ্ঠানত উপস্থিত থাকি সম্বৰ্ধনা জনায় সমাৰোহ সমিতিৰ সভাপতি আজিজুল হক, কাৰ্যকৰী সভাপতি আনোৱাৰ হুছেইন, বিশিষ্ট সাংবাদিক ছাদিকুজ জামান, আছু নেতা আলম হুচেইন তালুকদাৰকে ধৰি বহু গণ্য মান্য ব্যক্তিয়ে। বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ শুভাৰম্ভ কৰে অ গ পৰ হোজাই জিলা সভাপতি আলহাজ ৰেজাউল কৰিম চৌধুৰীয়ে। তেওঁৰ লগতে কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

অন্তিম দিনাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অসম উচ্চতৰ মাধ্যমিক সংসদৰ সচিব দয়ানন্দ বৰগোঁহাই, বিশিষ্ট অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা, অধ্যাপক আদিলুৰ ৰহমান, ক্ষেত্ৰী বিবেকানন্দ বিজ্ঞান একাডেমীৰ অধ্যক্ষা নয়ন মনি বৰা, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক বিদ্যানন্দ বৰা উপস্থিত থাকি ভাষণ আগবঢ়ায়৷ বৰগোহাঁইয়ে নিজৰ ভাষণত শিক্ষা জীৱন প্ৰক্ৰিয়া, উৰে জীৱন শিক্ষা গ্ৰহণ কৰিব লাগিব, ছাত্ৰ-ছাত্ৰীয়ে জাতি গঠন কৰিব লাগিব, তেওঁ ৰূপালী জয়ন্তীত উপস্থিত হৈ ভূয়সী প্ৰশংসা কৰি দীঘলীয়া বক্তব্য প্ৰদান কৰে। 

ৰাজখোৱাই ভাষণ প্ৰসংগত গ্ৰাম্য অঞ্চলৰ এই অনুষ্ঠানত উপস্থিত হৈ আহ্লাদিত হোৱা বুলি কয়, ছাত্ৰ-ছাত্ৰী সমাজ আৰু দেশৰ ব্যাখ্যাকৰ্তা, এটা সময়ত জীৱন অস্ত যাব, ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জীৱনৰ সময় অপব্যৱহাৰ নকৰিব, তাৰ বাবে এটা এটা দিন মানুহ হিচাবে গঢ় দিবলৈ আহ্বান জনায়, বহু সময়ত সকলো অংগ থকাৰ পাছতো মানুহৰ গুণ নাথাকে, বহুত মানুহ ৰূপী অসুৰৰ জন্ম হৈছে, আজিৰ প্ৰজন্মই এইবোৰ অনুধাৱন কৰি মানুহ হ’ব লাগিব বুলি কয়। লগতে তেওঁ কয় অসমত বসবাস কৰা প্ৰতিজন অবৈধ নাগৰিকে অসম ত্যাগ কৰি যাব লাগিব। 

ধৰ্মৰ ভিত্তিত আমাৰ সমাজখনক ভাগ ভাগ কৰিবলৈ বৰ্তমান চৰকাৰে চেষ্টা চলাই আছে। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, এসময়ৰ জাতীয় নায়ক সোণোৱালক তেখেতৰ মৌনতা ভংগ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ মুকলিকৈ বিৰোধিতা কৰিবলৈ আহ্বান জনায়। বিদেশীৰ কোনো ধৰ্ম নাই। হিন্দু হওক বা মুছলমান হওক সকলোৱে অসম এৰি যাব লাগিব।

চুকাফাৰ দিনৰেপৰা অসমত মুছলমানসকলে অসমীয়া ভাষাক নিজৰ ভাষা হিচাপে আকোঁৱালি লৈছে। তেওঁ উল্লেখ কৰে যে চৰাঞ্চলৰ মানুহে অসমৰ ভাষা আৰু সংস্কৃতিৰ আচল ৰক্ষক। নাগৰিকত্ব সংশোধনী বিধেয়কখনক মুকলিকৈ সকলোৱে বিৰোধিতা কৰিবলৈ তেওঁ অসম সাহিত্য সভাৰ হৈ উপস্থিত ছাত্ৰ-ছাত্ৰীৰ লগতে সমূহ ৰাইজক আহ্বান জনায়। সভাত স্মৃতিগ্ৰন্থ 'আজাদৰ সুবাস’ উন্মোচন হয়। সন্ধিয়া গীতৰ গধূলি অনুষ্টানৰ জৰিয়তে এক উখল মাখল পৰিৱেশৰ মাজেৰে ৰূপালী জয়ন্তীৰ অন্ত পৰে। উল্লেখযোগ্য যে প্ৰাক্তন ছাত্ৰ সন্মিলনী প্ৰস্তুত কৰা ছেলফি পইণ্টত অসংখ্য লোকে তুলিলে ছেলফি, ফলত যুগমীয়া হৈ ৰ’ল ছেলফি ছেছন।