কাকপথাৰঃ সদৌ মৰাণ ছাত্ৰ সন্থা, ডিৰাক আঞ্চলিক সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশন সোমবাৰৰপৰা ব্যাপক প্ৰস্তুতি আৰম্ভ  কৰা হৈছে। 

অহা ইংৰাজী ২৯ আৰু ৩০ জানুৱাৰীত বিস্তৃত কাৰ্যসূচীৰে মজবাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব লগা অধিৱেশনখনি সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ আজি মজবাৰী ৰাজহুৱা খেলপথাৰত স্থানীয় সমাজসেৱক শুভনাথ হাজৰিকাদেৱৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত পদ্মেশ্বৰ মৰাণক সভাপতি, টুটো কাকতিক সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে বুলি সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিৰ সভাপতি কুলজিৎ মৰাণে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, আজি উক্ত অনুষ্ঠান সভাত প্ৰায় তিনি শতাধিক লোক উপস্থিত আছিল।