মৰিয়নীঃ মৰিয়নীৰ ৰাজপথত উদণ্ড বাইকাৰৰ অতপালিত নিৰাপত্তা নোহাৱা হৈছে পথচাৰীৰ।

বুধবাৰে মৰিয়নী নগৰৰ হেঙুল থিয়েটাৰৰ মণ্ডপৰ সমীপত ক'লা ৰঙৰ NS AS 03 W 0981 নম্বৰৰ এখন বাজাজ পালছাৰ বাইকে পথৰ কাষেৰে গৈ থকা কাটনীবাৰি চাহ বাগিচাৰ বন্ধন গোৱালা (২৯) নামৰ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ মৰিয়নী আঞ্চলিকৰ সভাপতিক খুন্দিয়াই আহত কৰে৷

দুৰ্ঘটনা সংঘটিত কৰি দুই বাইক আৰোহীয়ে মটৰচাইকেলখন এৰি পলায়ন কৰে৷ ঘটনাৰ পাছতেই মৰিয়নী আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাফচান আহমেদ ঘটনাস্থালীত উপস্থিত হয়।

আহত বন্ধন গোৱালক ১০৮ সহায়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

বাতৰি সংগ্ৰহ কৰা সময়লৈকে জানিব পৰা গৈছে আহত ব্যাক্তি গৰাকীৰ ভৰি এখন ভঙাৰ উপৰিও দেহৰ কেইবা ঠাইতো তেওঁ গুৰুতৰভাৱে আহত হয়৷

আৰক্ষীয়ে দুৰঘটনাটো সংঘটিত কৰা বাইকখন আৰক্ষী থানালৈ লৈ আহি গৰাকীৰ সৈতে যোগাযোগ কৰিছে৷