
মৰিয়নীঃ দেওবাৰে দুপৰীয়া মৰিয়নী কাটনীবাৰি চাহ বাগিচাৰ ৯ নং লাইনৰ নিবাসী চন্দ্ৰবান জেচৱাল (৬২) নামৰ লোকজনে ঘাঁহ কাটিবলৈ যাওঁতে বাগিচাৰখনৰ কাষতে থকা এডৰা হাবিত এটা নাহৰফুটুকীয়ে তেওঁক আক্ৰমণ কৰে।
চন্দ্ৰবান জেচৱালৰ মূৰ, পেট আৰু পিঠিত আক্ৰমণ কৰি আহত কৰে৷ আহত লোকজনৰ লগত যোৱা পোহনীয়া কুকুৰটোৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰে লোকজনৰ৷
স্থানীয় লোকে জানিবলৈ দিয়া মতে বাগিচাখনত হোলোঙাপাৰ গিৱণ অভ্যয়াৰণ্যৰপৰা উলাই অহা মাইকী নাহৰফুটুকীজনীয়ে দুটা পোৱালী জন্ম দিছে৷
তেওঁলোকে বন বিভাগৰ সৈতে যোগাযোগ কৰিছে আৰু মৰিয়নী আঞ্চলিক বন বিভাগে আশ্বাস দিয়ে যে আৰু কোনো ধৰণৰ অঘটন ঘটাৰ আগতে তেওঁলোকে নাহৰফুটুকীজনী আৰু পোৱালীকেইটা সুস্থ অৱস্থাত পিঞ্জৰাবদ্ধ কৰি পুনৰ হাবিত মেলি দিয়াৰ ব্যৱস্থা কৰিব৷
আহত চন্দ্ৰবান জেচৱালক মৰিয়নী প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে৷