মৰিয়নীঃ যোৰহাট জিলাৰ অসম-নগাপাহাৰৰ সীমান্তৰ মৰঙিয়াল গাঁৱৰ কাষৰ পাহাৰীয়া মনোমোহা পৰিৱেশত৷ দেওবাৰে বনভোজ খাবলৈ বহু লোকে ভিৰ কৰে নগাপাহাৰৰ পদদেশত মনমোহা ঠাইত৷

মৰঙিয়াল গাঁৱৰ উদীয়মান ১২ জন উদ্যমী যুৱকৰ প্ৰচেষ্টাত এই সৰু গাঁওখন সমগ্ৰ ৰাজ্যত জিলিকি উঠিছে৷ চুকাফা আত্মসহায়ক নামৰ এটা আত্মসহায়ক গোটৰ ১২ জন অসমীয়া যুৱকৰ একক প্ৰচেষ্টাত দিচৈভেলি সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া অঞ্চলত তেওঁলোকে প্ৰথম অৱস্থাত আনাৰস আৰু মোচুমী টেঙাৰ খেতি কৰে৷

পাছত তেওঁলোকক কেইজনমান সমাজ সচেতক শিক্ষক তথা ব্যক্তিৰ পৰামৰ্শ অনুযায়ী গাঁওখনৰ কাষৰীয়া পাহাৰৰ এৰাপৰলীয়া মাটিত তেওঁলোকে পৰিষ্কাৰ কৰি ঠাইডোখৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে৷

তেওঁলোকে সকলো শ্ৰেণীৰ লোককে এই বনভোজস্থলীলৈ আমন্ত্ৰণ জনায়৷ এতিয়া দিচৈভেলিৰ চুকাফা আত্মসহায়ক বনভোজস্থলীৰ মনমোহা ঠাইলৈ সকলোকে হাতবাউলি মাতিছে৷ আজি দিচৈভেলিৰ বুকুত বনভোজৰ আনন্দ উপোভোগ কৰিলে হাজাৰ হাজাৰ লোকে। 

সম্প্ৰতি দিচৈভেলিৰ বুকুত ৰাজ্যৰ উজনি নামনিৰ বনভোজকাৰী দলৰ উপস্থিতিয়ে দিচৈভেলি মনোমোহা এই নিদিষ্ট ঠাইডোখৰৰ বুকুত সৃষ্টি কৰিছে উৎসৱমুখৰ পৰিৱেশ। মাছে-মঙহৰে প্ৰকৃতিৰ বুকুত বন্ধু-বান্ধৱী তথা পৰিয়ালৰ সৈতে এসাজ খাবলৈ উবৰি খাই পৰিছে বিভিন্ন প্ৰান্তৰ ৰাইজ।

পাহাৰ, নদী, শিলৰ লগতে দিচৈভেলিৰ বুকুত থকা শাৰী শাৰী গছেও আকৰ্ষিত কৰাৰ লগতে পাহাৰ বুকুত থকা নৌকা সেৱা আৰু জীপ লাইনিঙৰ ব্যৱস্থাই বনভোজকাৰীসকলক আৰু অধিক আকৰ্ষিত কৰিছে।

উল্লেখ যে  যোৰহাট জিলাৰ দিচৈভেলি বনাঞ্চল অসম-নগাপাহাৰ সীমান্তৰ অঞ্চল৷ এই অঞ্চলত বনভোজস্থলীত স্থানীয় যুৱকসকলে একক প্ৰচেষ্টাত আত্মসহায়ক গোটে কৰা কামৰ নমুনাই সমগ্ৰ ৰাজ্যবাসীৰ উচৰত অঞ্চলবাসীক গৌৰাৱাম্বিত কৰি তুলিছে৷