21
Dec
2018

মৰিয়নীঃ তিতাবৰত আদিবাসী ছাত্র সন্থা যোৰহাট জিলা সমিতিয়ে শুকুৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।চক্ৰ বিষয়া কাৰ্যলয়ৰ সম্মুখত ২ ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিলে আদিবাসী ছাত্র সন্থা যোৰহাট জিলা সমিতিয়ে।
আদিবাসীসকলক শীঘ্ৰে জনজাতীকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫০ টকা বৃদ্ধি কৰাৰ দাবীত উত্তাল প্ৰতিবাদ গঢ়ি তোলে প্ৰতিবাদকাৰিয়ে।
অসম চৰকাৰ মুর্দাবাদ, নৰেন্দ্ৰ মোদী মুর্দাবাদ আদি শ্ল'গানেৰে চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ চৌপাশ কঁপাই তোলে। আদিবাসীসকলৰ দাবীসমূহ অচিৰেই সমাধান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে।