মৰিগাঁওঃ মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ বাকীজাই শাখাৰ কৰ্মচাৰী মোকিবোৰ ৰহমানক নিলম্বন কৰা হয়। উল্লেখ্য যে এই কৰ্মচাৰীজনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছিল। অৱশেষত এই অভিযোগৰ তথ্য-প্ৰমাণ লাভ কৰাত আজি মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই এম পি ই ১১/২০১৮/১ নং নিৰ্দেশযোগে কৰ্মচাৰীজনক নিলম্বন কৰে।