♦ উচ্চ ন্যায়ালয়ে বিদেশী বুলি ৰায়দান কৰা পাছতো মৰিগাঁও গড়কাপ্তানি বিভাগত অবৈধ বাংলাদেশীয়ে কৰি আছে চাকৰি

মৰিগাঁওঃ মৰিগাঁও গড়কাপ্তানি বিভাগত সংঘটিত হৈছে এক ভয়াৱহ কাণ্ড। উচ্চ ন্যায়ালয়ে বিদেশী বুলি ৰায়দান কৰাৰ পাছতো মৰিগাঁও গড়কাপ্তানি (গ্ৰাম্য পথ সংমণ্ডল) বিভাগত এজন বিদেশীয়ে চৰকাৰী চাকৰি কৰি নিয়মীয়াকৈ চৰকাৰী দৰমহা পাই থকা ঘটনাই সকলোকে হতভম্ব কৰি তুলিছে।
উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা প্ৰস্তুতিৰ অন্তিম সময় আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি সৃষ্টি হৈ থকা তীব্ৰ প্ৰতিবাদৰ জুই মাজতেই মৰিগাঁৱত পোহৰলৈ অহা এই ভয়াবহ কাণ্ডই মৰিগাঁও গড়কাপ্তানি বিভাগ আৰু সীমান্ত শাখা আৰক্ষীৰ ফোপোলা স্বৰূপটোকে পৰিস্ফুট কৰি তুলিছে।
তাৎপৰ্যপূৰ্ণ যে ২০১৮ চনৰ ৩১ জানুৱাৰীত মহামান্য উচ্চ ন্যায়ালয়ে বিদেশী বুলি ঘোষণা কৰিছিল মৰিগাওঁ গড়কাপ্তানি (গ্ৰাম্য পথ সংমণ্ডল) বিভাগৰ কৰ্মচাৰী চিৰাজ আলীক। লক্ষণীয়ভাৱে বিদেশী হিচাপে চিহ্নিত এইজন বিদেশীয়ে সাধাৰণ কৰ্মচাৰীৰ দৰে এক বছৰ ধৰি চাৰকাৰী দৰমহাই নহয় চৰকাৰী কৰ্মচাৰীয়ে পাবলগীয়া সকলো সুবিধাই বৰ্তমানলৈকে লাভ কৰি আছে।
ন্যায়ালয়ে বিদেশী বুলি ঘোষণা কৰা চিৰাজ আলীক মৰিগাঁও ২ নং বিদেশী ন্যায়াধিকৰণত চলি থকা এফ টি (চি) ৩৫০/২০১৪ নং গোচৰত ২০১৪ চনৰ ১৯ জুনত বিদেশী বুলি ৰায় দান কৰিছিল মৰিগাঁও ২ নং বিদেশী ন্যায়াধিকৰণে।
ইয়াৰ পাছতেই চিৰাজ আলী পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত শৰণাপন্ন হৈ ৬৭৭১/১৪ নং গোচৰৰ জৰিয়তে উচ্চ ন্যায়ালয়ৰত আবেদন জনায়। এই গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৮ চনৰ ৩১ জানুৱাৰীত সকলো জামিন আবেদন নাকচ কৰি বিদেশী বুলি ঘোষণা কৰে চিৰাজ আলী পৰিয়ালক। এই ক্ষেত্ৰত মৰিগাঁও সীমান্ত শাখা আৰক্ষী কিম্বা মৰিগাঁও গড়কাপ্তানি (গ্ৰাম্য পথ সংমণ্ডল ) বিভাগে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল যদিও বৰ্তমানলৈকে এই বিয়াগোম বিভাগ দুটাই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি ৰক্ষণা বেক্ষণ দি অহাৰহে অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে মৰিগাঁও সীমান্ত শাখা আৰক্ষীয়ে মৰিগাঁও গড়কাপ্তানি (গ্ৰাম্য পথ সংমণ্ডল) বিভাগলৈ মাজে সময়ে চিৰাজ আলীক বিচাৰি গৈয়েই নিজৰ দায়িত্ব সামৰাৰ বিপৰীতে মৰিগাঁও গড়কাপ্তানি (গ্ৰাম্য পথ সংমণ্ডল) বিভাগৰ মূৰৰ্বী তথা কাৰ্যবাহী অভিযন্তা জগত দাসে এই সন্দৰ্ভত একো গমকেই নাপায় বুলি কোৱা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।
অভিযন্তা জগত দাসে চিকিৎসাজনিত কাৰণত চিৰাজ আলী ছুটীত থকা কথাহে জানে বুলি গা এৰা মন্তব্য কৰে। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে গড়কাপ্তানি বিভাগৰ একাংশ মূৰৰ্বী বিষয়া-কৰ্মচাৰীক বিভিন্ন প্ৰকাৰে মেনেজ কৰি ন্যায়ালয়ে বিদেশী বুলি ঘোষণা কৰাৰ পাছতো চিৰাজ আলীয়ে চৰকাৰী চাকৰি কৰি থকা সুবিধা গ্ৰহণ কৰি আছে বুলি প্ৰকাশ কৰিছে।
বৰ্তমানে ইয়াকে লৈ মৰিগাওঁ গড়কাপ্তানি বিভাগ তথা জিলা প্ৰশাসনত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ।