♦ দেশী-বিদেশী পৰ্যটকৰ সমাগম
♦ ২০১৮ৰ ৩০ ডিচেম্বৰলৈ দেশীয় ১৫,০১৯ জন ♦ বিদেশী ২৩৫ জন ♦ ছাত্ৰ-ছাত্ৰী ৫৩৩ পৰ্যটকৰ আগমন
♦ ২৮ লাখ ৯৩ হাজাৰ ৩২৫ টকা ৰাজহ সংগ্রহ
♦ শব্দ প্ৰদূষণৰ ক্ষেত্ৰত জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰকৃতি প্ৰেমীৰ

পবিতৰাৰপৰা জিতুমনি নাথঃ প্ৰাকৃতিক সৌন্দৰ্যৰে অনুপম পবিতৰা অভয়াৰণ্যত নৱবৰ্ষৰ প্ৰথম দিনটোত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা সমাগম ঘটা বনভোজপ্ৰেমীসকলৰ লগতে দিনটোত সমাগম ঘটে বহু কেইগৰাকী বিদেশী পৰ্যটকৰ।
হাডুক বিলৰ মনোৰম পৰিৱেশৰ লগতে হাডুক বিলৰ ওপৰত থকা ওলমা দলংৰ অনুপম সৌন্দৰ্য, গৰঙা মন্দিৰ সৌন্দৰ্য সুবাসকে ধৰি বিশ্ববিখ্যাত এশিঙিয়া গঁড় চাবলৈ পৰ্যটকসকলে অভূতপূৰ্ব ভিৰ কৰা পৰিলক্ষিত হয়।
গুৱাহাটী মহানগৰৰপৰা ৪০ কিল'মিটাৰ পূবত আৰু মৰিগাঁও পশ্চিমত অৱস্থিত পবিতৰা অভয়াৰণ্যত সম্প্ৰতি আছে শতাধিক এশিঙিয়া গঁড়। তদুপৰি দুই শতাধিক বিভিন্ন প্ৰজাতি পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত পবিতৰা অভয়াৰণ্যত আছে বনৰীয়া মেকুৰী, জহামাল, বনৰৌ, বনৰীয়া ম'হ, নাহৰফুটুকী, বনৰীয়া গহৰি আদি কৰি বন্য প্ৰাণী।
উল্লেখ্য যে ১৯২৩-২৫ চনত পোন প্ৰথম বাৰৰ বাবে পবিতৰাত এশিঙিয়া গঁড়ৰ সন্ধান লাভ কৰা হৈছিল। ইয়াৰ পাছতে ১৯৮৭ চনৰ ১৬ জুলাইত অসম চৰকাৰে পবিতৰাক পবিতৰা অভয়াৰণ্য হিচাপে ঘোষণা কৰে।
৩৮. ৮০ বৰ্গ কিল'মিটাৰে আৱৰা পবিতৰা অভয়াৰণ্যত পৰ্যটকসকলৰ মূল আকৰ্ষণৰ কেন্দ্র বিন্দু হৈছে হাদুক বিলৰ ওপৰত থকা ওলমা দলং আৰু নৌকা বিহাৰ। পবিতৰা অভয়াৰণ্য বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে জানিবলৈ দিয়া মতে ২০১৮ বৰ্ষৰ ৩০ ডিচেম্বৰলৈ দেশীয় ১৫,০১৯ জন, বিদেশী ২৩৫ জন আৰু ছাত্ৰ-ছাত্ৰী ৫৩৩ জন পৰ্যটকৰ সমাগম ঘটে।
ইয়াৰ বিপৰীতে ২৮ লাখ ৯৩ হাজাৰ ৩২৫ টকা ৰাজহ সংগ্রহ হয়। পূৰ্বৰ তুলনাত পবিতৰা অভয়াৰণ্যলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পালেও বনভোজ খাবলৈ অহা বিভিন্ন লোকসকলে ব্যৱহাৰ কৰা উচ্চ স্তৰৰ শব্দই প্ৰকৃতি প্ৰেমীসকলক চিন্তিত কৰি তুলিছে।
বিশেষকৈ বনভোজ খোৱাৰ নামত বনভোজ প্ৰেমীসকলে উচ্চ স্তৰৰ মাইক ব্যৱহাৰ কৰি সমগ্ৰ অভয়াৰণ্যখনৰ জীৱকূলকে এক প্ৰকাৰে আতংকময় পৰিবেশ সৃষ্টি কৰাই নহয় সমগ্ৰ অঞ্চলতেই শব্দ প্ৰদূষণ বিৰাজ কৰিছে।
এই ক্ষেত্ৰত পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ কিম্বা জিলা প্ৰশাসনে পবিতৰা অভয়াৰণ্যত শব্দ প্ৰদূষণৰ ক্ষেত্ৰত শীঘ্ৰেই এক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰকৃতিপ্ৰেমীসকলে।