মৰিগাঁও ব্যুৰ': মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে মৰিগাঁও নগৰৰ পবিতৰা হাটত ভোটাৰ তালিকা প্ৰস্ততি সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়।

মধ্য অসমৰ সংমণ্ডল আয়ুক্ত আহমেদ হুছেইনৰ উপস্থিতিত সংক্ষিপ্ত সংশোধনী ২০১৮-১৯ শীৰ্ষক সভাখনত অহা ৪ জানুৱাৰীত প্ৰকাশ পাবলগীয়া সংক্ষিপ্ত ভোটাৰ তালিকা প্ৰস্ততি সন্দৰ্ভত বিস্তৃতভাৱে পযালোচনা কৰা হয়।

বিশেষকৈ সংক্ষিপ্ত ভোটাৰ তালিকাত নতুন প্ৰাপ্তবয়স্ক ভোটাৰ সকলৰ নাম অন্তৰ্ভুক্ত কৰা, মৃত ব্যক্তি সকলৰ নাম ভোটাৰ তালিকাৰপৰা কৰ্তন কৰা, সমষ্টি পৰিৱৰ্তন, নামৰ শুধৰণি আদি বিভিন্ন বিষয়সমূহৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়।

সভাত জিলা উপায়ুক্ত ঋতুৰাজ বৰা, নিৰ্বাচনী বিষয়া কল্যাণী কংকনা দাস, জিলাখনৰ চক্ৰ বিষয়াসকল, ই আৰ অ, এই আৰ অ, বি এল অ, বি এল এ, গাঁওবুঢ়াসকল আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।