♦ সুবিশাল মণ্ডপ-তোৰণে আকৰ্ষণ কৰিছে ৰাইজৰ দৃষ্টি
♦ শংকৰ-আজানৰ মহা মিলনৰ তীৰ্থ ক্ষেত্ৰলৈ পৰিণত অধিৱেশনস্থলি
♦ মুখ্য আকৰ্ষণ মূল তোৰণ আৰু ৮৮ ফুট দৈৰ্ঘৰ বিশাল গামোচাৰ

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰৰপৰা জিতুমনি নাথঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীন মানৱতাবাদী আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়াস অব্যাহত ৰাখি আধ্যাত্মিক বাতাবৰণ সৃষ্টিয়ে সু-শৃংখল মানৱতাবাদী আদৰ্শৰে বৃহত্তৰ সমাজ গঠনৰ লক্ষ্য লৈ মৰিগাঁও নগৰৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অহা ৬ ফ্ৰেব্ৰুৱাৰীৰপৰা অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱৰ সংঘ ৮৮ সংখ্যক মূল অধিৱেশনক লৈ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে।
অধিৱেশনখনলৈ আৰু মাথো এটা দিন বাকী থকা অৱস্থাত অধিৱেশনৰ কাৰুকাৰ্য দৰ্শন কৰিবলৈ নিতৌ সমাগম ঘটিছে হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ। ইতিমধ্যে অতিথিক আদৰিবলৈ সাজু হৈ পৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অধিৱেশনৰ পূৰ্বে এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷
যিয়ে সৃষ্টি কৰিছে শংকৰ-আজানৰ মহা মিলনৰ তীৰ্থ ক্ষেত্ৰলৈ। মৰিগাঁও জিলা প্ৰশাসন আৰু পৌৰপ্ৰশাসনৰ সহযোগত মৰিগাঁও নগৰৰ বাট-পথ বহল কৰি চূণ-তেল ঘহি ন-কণ্যাৰ দৰে সাজু কৰি তুলা হৈছে। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকৰ পূৰ্ণ সহযোগত এক সমন্বয় গঢ়ি উঠা অধিৱেশনখনিৰ প্ৰস্ততি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।
আঢ়ৈ কোটি টকাৰ বাজেটেৰে অনুষ্ঠিত হ’বলগীয়া অধিৱেশনখনিত বিশাল মণ্ডপ নিৰ্মাণ কৰাৰ লগতে সৰু আসনৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে মূল তোৰণ। শিল্পী ৰাজু দাসৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই বিশাল তোৰণখনে দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে মৰিগাঁও নগৰৰ মূল পুলিচ পইন্টৰ সন্মুখত তথা অধিৱেশনলৈ যাবলগীয়া মতিৰাম বৰা পথত শিল্পী জ্যোতি মহন্তৰ হাতৰ পৰশত প্ৰাণ পাই উঠা তোৰণখনেও ৰাইজক আকৰ্ষণ কৰিছে।
কেইবা শতাধিক তোৰণৰে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যোৱা মূল পথত নিৰ্মাণ কৰা হৈছে ২০ খনতকৈও অধিক তোৰণ। তদুপৰি কাৰ্বিআংলংত নৃশংস ভাবে হত্যাৰ বলি হোৱা প্ৰয়াত অভিজিৎ নাথৰ সোঁৱৰণী সেৱা বাহিনী শিবিৰ, ফাগুনা হাজৰিকা সোঁৱৰণী প্ৰতিনিধি শিবিৰ, মহিধৰ শইকীয়া সোঁৱৰণী ভোজনালয় তোৰণেও ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ মৰিগাঁও জিলাৰ কুশতলিৰ বসুমতী পাতৰে ইতিমধ্যে বৈ উলিওৱা ৮৮ ফুট দৈৰ্ঘ্য বিশাল গামোচা খনত সুদিত কৰা হৈছে ৫১ খন জিলা শাখাৰ নাম, সংঘৰ প্ৰতীক আৰু বন্দনা।
এই বিশাল গামোচাখনক লৈ ৰাইজৰ মাজত বিৰাজ কৰিছে ব্যাপক উৎসুকতা। অধিৱেশনখনিত দুই শতাধিক গ্ৰন্থ বিপনি, তিনি শতাধিক প্ৰদৰ্শনী আৰু সহস্ৰাধিক বাণিজ্য বিপনিয়ে অধিৱেশনস্থলি পৰিপূৰ্ণ হ’ব বুলি প্ৰকাশ কৰিছে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ উপ-সমিতিৰ সম্পাদক ডা০ নিলোৎপল কাকতি আৰু বিত্ত সম্পাদক দিব্যজ্যোতি হাজৰিকাই।
ইফালে ১৫ হাজাৰ লোকে একেলগে খাব পৰা সু-বিশাল ভোজনালয়, তিনিশ চৌকা, তিনিশতাধিক প্ৰতিনিধি শিবিৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। ভি ভি আই পি বাবে ৩ খনকৈ হেলিপেডৰ নিৰ্মাণ কাৰ্য দ্ৰত গতিত চলি থকা লগতে সকলোৱে বাবে নিৰ্মাণ কৰা হৈছে সুকিয়া সুকিয়া কাৰ্যালয় গৃহ।
মুঠৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ এই সু-বিশাল প্ৰস্ততি উপভোগ কৰিবলৈ দিনে নিশাই সমাগম ঘটিছে বিপুল দৰ্শনাৰ্থীৰ।