মৰিগাঁওঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যাক বাৰ্ষিক অধিৱেশন অহা ফ্ৰেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮ আৰু ৯ তাৰিখে মৰিগাঁৱত অনুষ্ঠিত হ'ব ৷

সেয়হে শনিবাৰৰপৰা মৰিগাঁঁও শ্রীমন্ত শংকৰদেৱ সংঘৰ আইমাতৃ, বাপ আৰু সেৱা বাহিনীকে ধৰি ভক্ত প্রাণ ৰাইজে হাতে কামে লাগি অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাত ব্যস্ত হৈ পৰিছে।

অধিৱেশন থলিত হাতে হাতে কাঁচি লৈ বাপ, আইমাতৃসকলে নৰা কটাত ব্যস্ত হৈ পৰে৷ তাৰ মাজে মাজে বাপ, আইমাতৃসকলে নাম-প্রসংগ গায় এক আনন্দমুখৰ পৰিৱেশ গঢ়ি তুলিছে আৰু এই বাপ, আই মাতৃসকলৰ বাবে অধিৱেশন স্থলিতে এসাঁজ ৰান্ধিছে ভক্ত সকলে। এই নৰাৰে ভক্তসকলৰ শিৱিৰত ব্যৱহাৰ হ'ব। মাজত মাথো ডেৰ মাহ বাকী আছে সেয়হে আজিৰপৰা শ্রীমন্ত শংকৰদেৱ সংঘই অধিৱেশনখনি সাফ্যলমণ্ডিত কৰি তোলাত হাতে কামে লাগিছে।

উল্লেখ্য যে, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ হিচাপে নামাকৰণ কৰা হৈছে এই  ৩০০০ বিঘা মাটিত অধিৱেশনস্থলীক৷