মৰিগাঁওঃ বুধৰাৰৰেপৰা মৰিগাঁৱৰ বঙালপাৰ বহিমন বৰদলৈ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে ২৩তম শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশন। 

শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজৰ ভকত বৈষ্ণৱ আৰু স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে সমন্বয় ক্ষেত্ৰলৈ পৰিণত কৰা অধিৱেশনখনিত বৃহস্পতিবাৰে পুৱা নাম-প্ৰসংগ, ভাগৱত পাঠ অনুষ্ঠিত হোৱা পাছতেই দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা।

শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজৰ পদাধীকাৰ প্ৰদীপ কুমাৰ বৰদলৈ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে সহঃপদাধীকাৰ অৰবিন্দ বৰদলৈয়ে। অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ "কাণ্ডাৰী" উন্মোচন কৰে প্ৰাক্তন পদাধীকাৰ প্ৰশান্ত দেউৰীয়ে। 

দেউৰীয়ে ধৰ্ম তত্বৰে ভাষণ প্ৰদান কৰি শংকৰদেৱৰ আদৰ্শৰে সকলোকে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়। তেওঁ ভাষণত জাতীয় অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত শংকৰদেৱৰ আদৰ্শ অনস্বীকাৰ্য বুলি মন্তব্য কৰে। হেমকান্ত পাতৰে আঁত ধৰা সভাখনত মৰিগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি শ্যাম দাস, মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰণৱজ্যোতি মছৰং, প্ৰাক্তন পদাধীকাৰ লক্ষীকান্ত বৰদলৈকে  আদি কৰি ভালে সংখ্যক জনজাতি সমাজৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে। 

উল্লেখ্য যে কাইলৈ সামৰণি পৰিব লগীয়া অধিৱেশনখনিত ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰপৰা ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে বহিমন বৰদলৈ সমন্বয় ক্ষেত্ৰত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰাৰ  মাজেৰে সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশে।