♦ নামঘৰৰ গুৰু আসন প্ৰতিস্থা
♦ তিনি শতাধিক মুছলমান লোকে অধিৱেশনস্থলীত নৰা কাটি দেখুৱালে সমন্বয়
♦ ৮৮ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশন সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হোৱা আশা বিদায়ী পদাধিকাৰ কৰুণা কান্ত ডেকাৰ

মৰিগাঁওঃ মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক লৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰি ৰখাৰ মাজতে দেওবাৰে অধিৱেশনস্থলীত হৰি নাম ধ্বনিয়ে মুখৰিত হৈ পৰে।
মূলত অধিৱেশনস্থলীত নামঘৰ স্থাপন কৰি প্ৰতিষ্ঠা কৰে গুৰু আসন। এক আধ্যাত্মিক আৰু ধৰ্মীয় ৰিতি-নীতিয়ে হৰি নাম ধ্বনিয়ে গুৰু আসন প্ৰতিস্থা কৰে শৰণ আচাৰ্য পুৰণ ডেকাই। এই হৰি ধ্বনি মাজতে মৰিগাঁও জিলাৰ লাহৰীঘাট, মৈৰাবাৰী, গৰৈমাৰি, নগাবন্ধা আদি সংখ্যালঘু অধ্যুষিত অঞ্চলৰপৰা তিনি শতাধিক মুছলমান ধৰ্মীয় লোক আহি অধিৱেশনস্থলীত নৰা কটা কামত নিয়োজিত হৈ এক সমন্বয়ৰ নিদৰ্শন দাঙি ধৰে।
জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে ৮৮ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনত সকলো লোকেই একাত্মক হৈ পৰা ঘটনাই অধিৱেশনখনিত অন্য এক মাত্ৰা বহন কৰিছে।
ইফালে অধিৱেশনৰ প্ৰস্তুতিৰ দ্ৰতগতিত চলি থকাৰ মাজতেই অধিৱেশনস্থলীত উপস্থিত হয় বিদায়ী পদাধিকাৰ কৰুণা কান্ত ডেকা আৰু প্ৰধান সম্পাদক প্ৰফুল্ল বৰা।
দুয়োজন শীৰ্ষ নেতৃত্বই অধিৱেশনৰ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ লৈ বিদায়ী পদাধীকাৰ কৰুণা কান্ত ডেকাই মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া ৮৮ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনখনি সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হ’ব বুলি আশা প্ৰকাশ কৰে। বিশেষকৈ ভ্ৰাতৃত্বৰ বান্ধোন প্ৰক্ৰিয়া এই অধিৱেশনখনিত অধিক দৃঢ়ভাৱে পৰিস্ফুট হ’ব বুলিও মন্তব্য কৰে।