
মৰিগাঁওঃ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে শুকুৰবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় ভোটাৰ দিৱস। মৰিগাঁও নগৰৰ বিহুতলীৰপৰা পুৱা ৭ বজাত আৰম্ভ হোৱা স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী শুভাৰম্ভ কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই।
ইয়াৰ পাছতেই উপায়ুক্ত বৰাই স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰা সকলোকে শপত বাক্য পাঠ কৰায়। উপায়ুক্ত বৰাই স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভাগীয় সকলো বিষয়া কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰি মৰিগাঁও নগৰখন স্বচ্ছ কৰি ৰখাৰ ক্ষেত্রত সকলোকে গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
নগৰখনৰ প্ৰায়বোৰ ঠাইতে চলা এই স্বচ্ছ ভাৰত অভিযানত অতিৰিক্ত উপায়ুক্ত ছয়েদ তহিদুৰ ৰহমান, লক্ষীনন্দন চহৰীয়া, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া, উপ-আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী, নিৰ্বাচনী বিষয়া কল্যাণী কংকনা দাস, ৰাজহ চক্ৰ বিষয়া সংঘমিত্ৰা ভাগৱতী, পৌৰপতি অৰ্চনা বৰদলৈ, উপ-পৌৰপতি ৰঞ্জিত কুমাৰ ডেকাকে আদি কৰি মৰিগাঁও জিলা প্ৰশাসনৰ বিভাগীয় বিষয়া কৰ্মচাৰী, চি আৰ পি এফ, বি জে পিৰ কাৰ্যকৰ্তা, সাংবাদিক সংস্থা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী, গ্ৰাম্য পুথিভঁৰাল সন্থা আদি কৰি ভালে কেইটা অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগিতা কৰে।