শোণিতপুৰঃ বিভিন্ন জাতি, জনগোষ্ঠীৰ মিলনৰ ভূমি এই খন অসম। ৰাজনৈতিক, সামাজিক, ভাষিক-সাংস্কৃতিক সংকটকালত থলগিৰিয়ে নিজৰ জীৱন দি হ'লেও অসমী আইক ৰক্ষা কৰিবলৈ সাজু হৈ থাকে৷ থলগিৰিয়ে সংগ্ৰামত ব্ৰতী হোৱাৰ অনেক উদাহৰণ আছে।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ কেইবাদশক পাৰ হৈ যোৱাৰ পিছতো আজিও অৱহেলিত, অপাংক্তেয়, অস্পৃশ্য কিছু জনগোষ্ঠী। ৰাজনৈতিক নেতৃত্বৰ অভাৱৰ বাবেই কেইবাটাও থলগিৰিমূলৰ জনগোষ্ঠীৰ পৰিচয় আজি বিলুপ্তিৰ পথত। অৱহেলিত এই জাতি-জনগোষ্ঠী সমূহৰ অন্যতম এটা জনগোষ্ঠী হ’ল মৰিয়া জনগোষ্ঠী। ১৯৭৫চনতেই এমঅ’বিচি আৰু পিছলৈ অ’বিচিলৈ উন্নীতকৰণ কৰা হয়৷ তথাপিও শ্ৰমজীৱি লোকসকলৰ কোনোধৰণৰ উন্নয়ণ আজিকোপতি নহ'ল।

খিলঞ্জীয়া এইসকল লোকৰ শৈক্ষিক, সাংস্কৃতিক, সামাজিক-ৰাজনৈতিক দিশত উন্নয়নৰ বাবে ‘মৰিয়া উন্নয়ন পৰিষদ’ এখন লাভ কৰিলে যদিও এচাম মাতব্বৰ শ্ৰেণীৰ লোকৰ খোৱা-কামোৰাৰ বাবে জাতিটোৰ প্ৰকৃত হিতাধীকাৰিয়ে সাহায্যৰ নামত ফুটা কড়ি এটাও নাপালে। আনহাতে স্ব-অধিকাৰ প্ৰাপ্তিৰ বাবে প্ৰতিবাদ আন্দোলন কৰিবলৈও এইসকল লোকে চিন্তা কৰিব নোৱাৰাকৈয়ে এটা ধাৰণাৰ মাজত আৱদ্ধ কৰি ৰাখিলে একাংশ এই জনগোষ্ঠীৰ বদন বৰফুকন প্ৰভৃতি লোকে।

কিন্তু শেহতীয়াকৈ শিক্ষা-দীক্ষাৰে প্ৰোজ্জ্বল মুষ্টিমেয় কেইজনমান যুৱকৰ প্ৰচেষ্টাত ২০১৫ বৰ্ষৰ ২ জানুৱাৰীত ঐতিহাসিক শিৱসাগৰত সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থা নামৰ সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিখন গঠন কৰে আৰু পিছলৈ ২০১৫ৰ ৩ মে’ত কেন্দ্ৰীয় সমিতিখন গঠন হয়। তেতিয়াৰে পৰাই সংগঠনটোৱে ছেগা-ছোৰোকাকৈ মৰিয়া উন্নয়ন পৰিষদখনে জাতিটোতক কৰি অহা চৰম প্ৰতাৰণা আৰু অৱহেলাৰ প্ৰতিবাদ কৰি অহাৰ লগতে অসমৰ বিভিন্ন সমস্যা, অভাৱ-অভিযোগ সন্দৰ্ভত মাত মাতি আহিছে।

আনহাতে পৰ্যায়ক্ৰমে অসমৰ কেইবাখনো জিলাত জিলা সমিতি গঠন কৰি দলৰ সাংগঠনিক ভেটি মজবুট কৰি অহা দলটোৱে  ২৩ অক্টোবৰত শোণিতপুৰ জিলা সমিতিখন গঠন কৰে৷ তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেছেৰীয়া মুছলিম গাঁৱত পুৱা ১০ বজাৰ পৰা এখন সভা অনুষ্ঠিত হয় সংগঠনটোৰ নেতৃত্বত। মোস্তাক আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁতধৰে পিঠাখোৱা মুছলিম গাঁৱৰ যুৱক আব্দুৰ ৰহিমে।

শতাধিক যুৱকে অংশগ্ৰহণ কৰা সভাত ওৱাহিদুৰ ৰহমানক সভাপতি, আব্দুৰ ৰহিমক কাৰ্যকৰি সভাপতি, মাচুম হাজৰিকাক সম্পাদক হিচাপে লৈ মৰিয়া যুৱ ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতি গঠন কৰা হয়৷ সভাত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ছামাদ আলী, আবু বক্কৰ চিদ্দিকি, মইনুল আলী(শিৱসাগৰ), নেকিব আলী, জয়ন্ত শইকীয়া (নগাঁও), মোস্তাক আলী(বাকোলা)ৰ লগতে ভালেসংখ্যক শোণিতপুৰ জিলাৰ মৰিয়া সম্প্ৰদায়ৰ লোক উপস্থিত থাকে।