ৰঙিয়াঃ পৰকীয়া প্ৰেমৰ বাবে মাতৃ সদৃশ শাহুক হত্যা কৰিছিল এগৰাকী বোৱাৰীয়ে৷ ২০১৪ বৰ্ষৰ ১২ ডিচেম্বৰত এই ঘটনা সংঘটিত হৈছিল কামৰূপৰ বাইহাটা চাৰিআলিৰ শালমাৰাত৷ শাহুক হত্যা কৰি পথৰ হেঙাৰ আতৰ কৰিব বিছাৰি যাৱজ্জীৱন জেলত থাকিব লগা হ’ল বোৱাৰীগৰাকীয়ে৷

ৰঙিয়া সত্ৰ ন্যায়ধিশ দিব্যজ্যোতি মহন্তৰ আদালতে শনিবাৰে এই ৰায়দান প্ৰদান কৰে৷ কামৰূপ জিলাৰ বাইহাটাৰ সমীপৰ শালমাৰৰ এগৰাকী বোৱাৰীয়ে ২০১৪ বৰ্ষৰ ১২ ডিচেম্বৰত  শাহুৱেকক হত্যাৰ অভিযোগ উত্থাপন হয়৷ বোৱাৰীগৰাকী হ’ল বাইহাটা চাৰিআালি থানাৰ অন্তৰ্গত শালমাৰা গাঁৱৰ নাম বন্দনা নাথ৷

২০১৪ বৰ্ষৰ ১২ ডিচেম্বৰৰ নিশা স্বামী ঘৰত নথকাৰ সুযোগ লৈ নিজৰ প্ৰেমিকৰ সৈতে লগ লাগি শাহুৱেক তুলু নাথক ডিঙি চেপি হত্যা কৰে৷ পৰকীয়া প্ৰেমত মত্ত বন্দনা নাথে গাৰুৰে মুখত সোপা দি শাহুৱেকক হত্যা কৰিছিল৷ স্বামী হেমন্ত নাথে ঘৰত উপস্থিত হৈ ঘটনা সন্দৰ্ভত সন্দেহ ওপজাত বাইহাটা চাৰিআলি আৰক্ষী থানাত পত্নী বন্দনা নাথ আৰু পৰকীয়া প্ৰেমিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷

বাইহাটা চাৰিআলি থানাই বন্দনা নাথ আৰু পৰকীয়া প্ৰেমিকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ৩৪ ধাৰাত ২৯০/১৪ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত কৰে৷ আৰক্ষীয়ে সময়মতে আদালতত চাৰ্জশ্বিট দাখিল কৰে৷ আদালতে অৱশ্যে পৰকীয়া প্ৰেমিকজনৰ বিৰুদ্ধে কোনো উপযুক্ত সাক্ষী প্ৰমাণৰ অভাৱত দোষমুক্ত কৰে৷ আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা হিৰন্য কুমাৰ চৌধুৰীয়ে ৷ ৪ বছৰৰ অন্তত এই ৰায়দান ঘোষণা হয়। বোৱাৰী বন্দনাই ৰায় ঘোষণাৰ পিছতে কান্দি-কাতি হায়ৰাণ হৈ পৰে।