
আমগুৰিঃ শিৱসাগৰ জিলাৰ এগৰাকী বিবাহিত মহিলা ৯ বছৰীয়া পুত্ৰ সন্তান সহ নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুকনফদীয়া বেজগাঁৱৰ বলোৰাম গগৈৰ পত্নী ৰেখামণি গগৈয়ে (৪৭) আৰু ৯ বছৰীয়া পুত্ৰ হিমাংশু গগৈ যোৱা ২৪ অক্টোবৰৰ পুৱা ঘৰৰ পৰা ওলাই গৈ তিনিদিনধৰি নিৰুদ্দেশ হৈ আছে৷
পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰি গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ কিছুদিন পূৰ্বে মহিলাগৰাকীৰ অস্ত্ৰোপছাৰ সম্পন্ন হোৱাত মহিলাগৰাকী অসুস্থ হৈ আছিল। পৰিয়ালৰ লোকৰ সৈতে কোনো হাই-কাজিয়াও নাছিল মহিলাগৰাকীৰ৷
দুগৰাকী কণ্যা আৰু দুজন পুত্ৰ সন্তানৰ মাতৃ ৰেখামণি গগৈয়ে কনিষ্ঠ পুত্ৰ সহিতে নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালটোৱে দুঃচিন্তাত দিন পাৰ কৰিছে৷ গৌৰীসাগৰ আৰক্ষীয়ে মহিলাগৰাকীৰ শুংসূত্ৰ উলিওৱাত ব্যৰ্থ হৈছে। মহিলাগৰাকীৰ কোঠাত সমগ্ৰ বয়বস্তু একেধৰণেৰেই আছে আৰু তেওঁ ব্যৱহাৰ কৰা ম'বাইল ফোনটোও ঘৰতে এৰি থৈ যায়। কোনো লোকে মহিলাগৰাকীৰ কিবা সম্ভেদ পালে 7035645660 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।