06
Jul
2017

বিশাখাপট্টনমঃ সন্তানৰ চকুৰ সন্মুখতে কামুক নৰপিশাচৰ কামনাৰ বলি হল হতভগীয়া মহিলা। অন্ধ্ৰপ্ৰদেশৰ এগৰাকী মাতৃক এদল বৰ্বৰে চলালে জঘন্য নিৰ্যাতন।
ৰাজ্যখনৰ বিশাখাপট্টনমত সংঘটিত এই কাণ্ডৰ সবিশেষ পলমকৈহে পোহৰলৈ আহিছে। উপলব্ধ সম্ভেদ অনুসৰি চহৰখনৰ গজুৱাকা এলেকাৰ মহিলাগৰাকীৰ পতি সচৰাচৰৰ দৰে কৰ্মস্থলীলৈ গৈছিল।
সেই সময়তে তেওঁৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰে লম্পটৰ দলটোৱে। কামুকৰ দলটোৰ এটা সদস্য নাবালক। পৰৱৰ্তী সময়ত চাৰিটাকৈ পাষণ্ডই মহিলাগৰাকীৰ তিনি সন্তানক ভীতিগ্ৰস্ত কৰি মনে-মনে থাকিবলৈ বাধ্য কৰায়।
প্ৰাণৰ মমতাত নৰপিশাচৰ নিৰ্দেশ মানিবলৈ বাধ্য হোৱা মহিলাগৰাকী দীৰ্ঘসময় বলি হয় চৰম অত্যাচাৰৰ।