Photo Source: India Samvad
Photo Source: India Samvad

ডিজিটেল ডেস্কঃ ভঁৰাল নাথাকিলেও আকালো নাছিল আগ্ৰাৰ শৰ্মা পৰিয়ালৰ। ঘৰৰ মুৰব্বী মনোজ আৰু পত্নী আৰতি শৰ্মাই পৰিশ্ৰম কৰিয়েই আগুৱাই নিছিল জীৱনৰথ।

সময়ৰ নিষ্ঠুৰতাই পিছে এতিয়া পিষ্ট কৰিছে এই দম্পতিক। দৰিদ্ৰতাই জৰ্জৰিত কৰা মাতৃ আৰতিৰ সাহস নাই চাৰি সন্তানৰ মুখলৈ চাবৰ বাবে। পু্ত্ৰ-কন্যাৰ অংগ বিক্ৰীৰ কঠোৰ সিদ্ধান্ত ঘোষণা কৰিছে এইগৰাকী হতভগীয়া মাতৃয়ে।

আগ্ৰাৰ বস্তি অঞ্চলৰ ভাৰাঘৰৰ আৱাসী এই পৰিয়ালৰ মুৰব্বী মনোজ শৰ্মা পেছাত টেক্সি চালক। মাহিলী তেওঁ উপাৰ্জন কৰা ধনৰে পৰিয়াল পোহপাল অসম্ভৱ। সংগীক সকাহ দিবলৈ সেয়ে জীৱনযুদ্ধত নামি পৰিছিল ভাৰ্যা আৰতি।

এটি পুত্ৰ আৰু তিনি কন্যাৰ মাতৃ আৰতিয়ে আৰম্ভ কৰিছিল বস্ত্ৰৰ ব্যৱসায়। পিছে বিগত বৰ্ষৰ বিমুদ্ৰাকৰণৰ পিছত তেওঁৰ বেপাৰ ক্ষতিগ্ৰস্ত হল। বুভূক্ষ হৈ থাকি সন্তানৰ চিন্তাই জুৰুলা কৰা মহিলাগৰাকীয়ে সকাহ পাবলৈ সকলো কৰিলে। ঘৰৰ ৰন্ধন গেছ কলা বজাৰত বেচি পোৱা ধনেৰে তেওঁ লগ ধৰিলৈগৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক।

কিন্তু পোৱাৰ ভিতৰত আৰতিয়ে পালে মাথো আশ্বাস। এতিয়া হতভগীয়া আৰতিৰ আছে এটাই মূলধন। সেয়া হৈছে তেওঁৰ দেহৰ কিডনী। ইতিমধ্যে ছ'চিয়েল মিডিয়াত সন্তানৰ পঢ়াৰ খৰচ গোটাবলৈ বৃক্ক বিক্ৰী কৰিব বুলি তেওঁ ঘোষণা কৰিছে। সন্তানৰ বাবে দধিচী হব খোজা আৰতি এতিয়া গ্ৰাহকৰ বাবে অপেক্ষাৰত।