ফটো উত্সঃ ইণ্টাৰনেট
ফটো উত্সঃ ইণ্টাৰনেট

ডিজিটেল ডেস্কঃ ’আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন? আপ্তবাক্যশাৰীকেই আকৌ এবাৰ সঁচা বুলি প্ৰতিপন্ন কৰিলে এগৰাকী মাতৃয়ে। সন্তানক কুকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ গৈ ধৰাশায়ী হ’ল মাতৃ৷ এই শোকাৱহ ঘটনা সংঘটিত হয় কেৰালাৰ কোঝীক’ডত৷ 

ঘটনাৰ বিৱৰণি অনুসৰি ১৮ মে’ত ৰিঞ্চী নামৰ মহিলাগৰাকীয়ে সন্তান সহিতে ঘৰলৈ উভতি অহাৰ পথত সন্তান জিতিনক এটা কুকৰে কামুৰিবলৈ উদ্যত হয়৷ 

সাহসী মহিলাগৰাকীয়ে সন্তানক সাবটি পথৰ ওপৰত বাগৰি পৰে৷ লগে লগে কুকুৰটোৱে কামুৰি ধৰাশায়ী কৰে ৰিঞ্চীক৷ মহিলাগৰাকীৰ কপাল, নাক, ওঠ আদি বিভিন্ন অংশত কামোৰে কুকুৰটোৱে৷ 

মহিলাগৰাকীক এন্টি ৰেবিজ বেজি দিয়া হয়৷ বৃহস্পতিবাৰে জ্বৰ-বমি আদি হোৱাত মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হয়৷

কিন্তু ক্ৰমাত স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৰিঞ্চীক৷ চিকিৎসা মহাবিদ্যালয়তে মৃত্যু ঘটে সাহসী মহিলাগৰাকীৰ৷