
হোজাই/যমুনামুখঃ মাতৃ মমতাময়ী। গাখীৰ বগাৰ দৰে চিৰসত্য নহয় এই কথা! মাতৃ মাত্ৰেই যে মমতাময়ী নহয় তাকেই প্ৰমাণিত কৰি হোজাই জিলাৰ মইনাপুৰ গাৱঁত মঙলবাৰে পুৱাই সংঘটিত হয় এক জঘন্য কাণ্ড৷
জিলাখনৰ মইনাপুৰত এগৰাকী নিদাৰুন মাত়ৃয়ে তেওঁৰ দুই কণমানি সন্তানক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়৷ এই ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, মইনাপুৰৰ শংকৰ বণিকৰ পত্নী পম্পা বণিকে তেওঁৰ দুই সন্তান ক্ৰমে চাৰিবছৰীয়া জয় বণিক আৰু ৯ মহীয়া নন্দিনী বণিকক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়৷ স্বামী তথা স্থানীয় ৰাইজৰ প্ৰচেষ্টাত কথমপি ৰক্ষা পৰে যদিও মাতৃৰ এনে আচম্বিত আক্ৰমণত শিশু দুটি গুৰুতৰভাৱে আহত হয়।
ততালিকে তেওঁলোকক পিতৃয়ে স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে৷ পিছত ৰাইজে পাষাণ হৃদয়ৰ মাতৃগৰাকীক আটক কৰি গছত বান্ধি থৈ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে যিখন দাৰে সন্তানক ঘপিয়াইছিল সেইখন জব্দ কৰে৷
মহিলাগৰাকীয়ে কি কাৰণে সন্তানক এনেদৰে হত্যাৰ চেষ্টা চলাইছিল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত। অৱশ্যে ওচৰ-চুবুৰীয়াসকলৰ একাংশই স্থানীয় এজন যুবকৰ সৈতে থকা অবৈধ প্ৰেম স্বামীয়ে ধৰা পেলোৱাৰ বাবে মহিলাগৰাকীয়ে এই ঘটনা সংঘটিত কৰা বুলি অনুমান কৰিছে৷ ওচৰ-চুবুৰীয়াসকলৰ এই অনুমান সত্য বুলিও আওপকীয়াকৈ স্বীকাৰ কৰিছে মহিলাগৰাকীৰ স্বামীয়ে।