
কোকৰাঝাৰঃ শিশুক সুনাগৰিক হিচাপে গঢ় দি এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰাৰ মূলতেই হ'ল মাতৃ সমাজ৷ এগৰাকী মাতৃৰ সহযোগিতা অবিহনে সুস্থ সমাজৰ কথা কল্পনা কৰিব নোৱাৰি। এই মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে৷
CLICK ►Blue Whale গেম LIVE
কোকৰাঝাৰ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ মাতৃ সমাজে আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা মাতৃ সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰি কয় যে মাতৃ সকলে অহৰ্নিশে কৰি অহা প্ৰচুৰ শ্ৰম আৰু প্ৰচেষ্টাৰ অবিহনে এখন সুস্থ সমাজ গঢ়ি তোলাটো অসম্ভৱ৷ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যতৰ নাগৰিক আৰু সেয়েহে প্ৰতিজন শিশুক সঠিক পথৰ সন্ধান দিবলৈ মাতৃৰ ভূমিকা অপৰিসীম৷
প্ৰতিগৰাকী মাতৃয়ে নিজ সন্তানক সুনাগৰিক হিচাপে গঢ় দি সুস্থ সমাজ গঠন প্ৰক্ৰিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে দনেশ্বৰ গয়াৰীয়ে৷
CLICK ►Blue Whale গেম LIVE
মাতৃ সন্মিলনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নিজ ভাষণত কোকৰাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপন বৰ্মনে শিশুসকলক চিকিৎসক-অভিযন্তা হোৱাৰ উপদেশ দিয়াৰ পূৰ্বে কেনেদৰে এজন সুনাগৰিক, এজন সৎ মানুহ হব পাৰি তাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ মাতৃ সমাজক আহ্বান জনায়৷
মাতৃ সন্মিলনত জনতা কলেজৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা সুজাতা ভদ্ৰা, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ৰুনু দেৱনাথ দাস, বিজ্ঞান মহাবিদ্যালয়ৰ ৰসায়ণ বিভাগৰ সহকাৰী অধ্যাপক বিশ্বজিৎ নাথে নিৰ্দ্দিষ্ট বক্তাৰ ভাষণত সন্তানক সৎ মানুহ হিচাপে গঢ় দিয়াৰ অন্তৰালত মাতৃৰ ভূমিকা অপৰিসীম বুলি মন্তব্য কৰে৷
CLICK ►Blue Whale গেম LIVE
নিকেতনখনৰ মাতৃগোটৰ সভানেত্ৰী তৰালী কলিতাই সভাপতিত্ব কৰা সভাখনত জ্যেষ্ঠ অধ্যাপিকা সুলোচনা ব্ৰহ্ম ভূঞা, পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণ মহন্ত, সাধাৰণ সম্পাদক পুলক অধিকাৰী, উপদেষ্টদ্বয় ক্ৰমে ভবেন মেধী, ৰূপজিত কুমাৰ দাসকে ধৰি অভিভাৱিকা, ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।