
ডিজিটেল ডেস্কঃ বিজেপি শাসিত মধ্য প্ৰদেশত আৰক্ষীৰ গুলীত ৪গৰাকী বন্ধ সমৰ্থকৰ মৃত্যু হয় আৰু ১৫ গৰাকী লোক গুৰুতৰ ভাৱে আহত হয়৷ timesofindiaত প্ৰকাশ পোৱা খবৰ মতে, ইতিমধ্যে মধ্যপ্ৰদেশত ৪ গৰাকী বন্ধ সমৰ্থকৰ মৃত্যু হৈছে৷ গোৱালীয়ৰ আৰু মেৰুণত মৃত্যু হৈছে বন্ধ সমৰ্থক কেইজনৰ৷ আৰক্ষীয়ে গুলীচালনা কৰাৰ পিছতেই উত্তেজিত হৈ পৰে বন্ধৰ সমৰ্থক৷ ৰাহুল নামৰ লোক এজনে ঘৰৰ বেলকনীত থিয় দি থকা অৱস্থাত আৰক্ষীৰ গুলী লাগে৷ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে ৰাহুলৰ৷ গোৱালীয়ৰত এগৰাকী লোকে পিষ্টেলেৰ গুলীচালনা কৰা এটি ভিডিঅ’ এএনআইয়ে প্ৰকাশ কৰে৷ সেই লোকগৰাকী আৰক্ষীৰ লোক হয় নে নহয় সেই কথা থিৰাং কৰিব পৰা হোৱা নাই৷
#WATCH #BharatBandh over SC/ST protection act:Shots fired during protests in Madhya Pradesh's Gwalior pic.twitter.com/p8mW36qL0s
— ANI (@ANI) April 2, 2018
সমগ্ৰ ৰাজ্যত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়ে মধ্য প্ৰদেশ চৰকাৰে৷ মেৰুণত সমবেত লোকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ সময়তে লোকজনৰ মৃত্যু হয়৷ লোকজনৰ মৃত্যুৰ লগে লগে ৰাইজে উপাযুক্তৰ কাৰ্যালয় ঘেৰাও কৰে৷ মধ্যপ্ৰদেশৰ গোৱালীয়ৰ, ভিণ্ড, মেৰুণ, বালাঘাট সাতনা জিলাত ৰাইজ ৰাজ পথলৈ ওলাই আহে৷ তেনে সময়তে আৰক্ষীয়ে যধে-মধে গুলীচালনা কৰে৷
দলিত সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধ কাৰ্যসূচীক সমৰ্থন দিয়ে কেইবাটাও ৰাজনৈতিক দলে৷ অনুসূচিত জাতি আৰু অনুসুচিত জনজাতিৰ আইন দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দলিত সংগঠনে আহ্বান জনোৱা এই বন্ধৰ দেশব্যাপি প্ৰভাৱ পৰে৷ বন্ধৰ প্ৰভাৱ পৰে দেশৰ কেইবাখনো ৰাজ্যত৷ অসম, ৰাজস্থান, বিহাৰ, উৰিষ্যা, পাঞ্জাৱ বন্ধৰ ব্যাপক প্ৰভাৱ পৰে৷ বন্ধ ক্ৰমান্বয়ে হিংসাত্মক হৈ পৰে৷ কেইবাখনো ৰাজ্যত গাড়ীত অগ্নি সংযোগ কৰা হয়৷ দোকানত আক্ৰমণ কৰা হয়৷
উল্লেখ্য যে, ন্যায়ালয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ আইনৰ দ্বাৰা কোনো লোকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে জিলা আৰক্ষীৰ উপ-অধীক্ষক পৰ্যায়ৰ আৰক্ষী বিষয়াৰ দ্বাৰা গোচৰৰ তদন্ত হোৱা প্ৰয়োজন বুলি কয়৷ জ্যেষ্ঠ ন্যায়াধীশ আদৰ্শ গোৱেল আৰু য়ু য়ু ললিতৰ বেঞ্চে কয়, এছচি-এছটি আইনৰ অধিনত গোচৰ ৰুজু হলে জামিন নিদিয়াৰ কোনো পূৰ্ণ প্ৰতিবন্ধকতা নাই৷
এছচি-এছটি আইন দলিত আৰু আদিবাসীসকলৰ বিৰুদ্ধে উৎপীড়ন ৰোধ কৰাৰ এখন বিশেষ আৰু গুৰুত্বপূৰ্ণ আইন ৰূপে জনা যায়৷ মোডী চৰকাৰ এই ক্ষেত্ৰত আদালতত ভূমিকা পালনত বিফল হৈছে বুলি অভিযোগ উত্থাপন কৰি দেশৰ দলিত সংগঠনে বিজেপিক দলিত বিৰোধী আখ্যা দি সোমবাৰে ভাৰত বন্ধৰ আহ্বান জনায়৷