মৰিগাঁওঃ কলিতা জনগোষ্ঠীক বঞ্চিত কৰি অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত ক্ষুণ্ণ হৈ পৰিছে কেইবাটাও কলিতা জনগোষ্ঠীয় দল-সংগঠন৷

এই সন্দৰ্ভত কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সভাপতি ডঃ ভবেন চন্দ্ৰ কলিতা আৰু সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতিয়ে এক বিবৃতিত কয় যে, কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে বিগত তিনি দশকজুৰি কৰি অহা দাবীক সম্পূৰ্ণ উপেক্ষা কৰি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰাচীনতম জনগোষ্ঠী তথা জনজাতীকৰণৰ প্ৰথম উপযুক্ত দাবীদাৰ কলিতা জনগোষ্ঠীৰ নৱ-প্ৰজন্মক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰি আহিছিল৷ সেই ষড়যন্ত্ৰই এতিয়া পূৰ্ণ ৰূপ পোৱাৰ দিশে অগ্ৰসৰ হৈছে।

জনগোষ্ঠীটোক শীঘ্ৰে জনজাতিকৰণ কৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি নেতাদ্বয়ে প্ৰকাশ কৰে৷ আনহাতে কলিতা সেনাৰ সভাপতি মৃদু কাশ্যপে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে কাৰ্যই দিল্লী-দিশপুৰৰ শাসক-বিৰোধী সকলোৰে কলিতা জনগোষ্ঠীৰ প্ৰতি থকা মনোভাৱক প্ৰকাশ কৰিলে বুলি মন্তব্য কৰি ইয়াৰ গণতান্ত্ৰিক প্ৰত্যুত্তৰৰ বাবে সাজু থাকিবলৈ সকীয়াই দিয়ে৷

ইফালে, জনজাতিকৰণ প্ৰক্ৰিয়াত নাথ-যোগী আৰু কলিতা জনগোষ্ঠীক বঞ্চিত কৰাত ক্ষুণ্ণ মুম্বাইত নতুনকৈ প্ৰতিষ্ঠা লাভ কৰা প্ৰযোজক-পৰিচালক তথা অভিনেতা অসম সন্তান অনুপম বৰুৱায়ো মন্তব্য কৰিছে। ভিডিঅ'টো চাওকঃ