newsnextone.com | ওদালগুৰিঃ ওদালগুৰি সদৰৰ অন্যতম শিক্ষনুষ্ঠান ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মৃগেন্দ্ৰনাথ কলিতাই শুকুৰবাৰে মৃত্যুক আকোৱালি লয়৷ ৫৫ বছৰ বয়সত অধ্যক্ষ মৃগেন্দ্ৰনাথ কলিতাই মৃত্যুক আকোৱালি লোৱাত সমগ্ৰ ওদালগুৰিত শোকৰ ছাঁ পৰে। প্ৰয়াত কলিতাই দীৰ্ঘদিন ধৰি যকৃৎ ৰোগত আক্ৰান্ত হৈ আছিল। শুকুৰবাৰে পুৱা প্ৰায় ৪.১৫ বজাত প্ৰস্ৰাৱগাৰলৈ যোৱাৰ সময়ত হঠাৎ পিছলি পৰে অধ্যক্ষ কলিতা। ইয়াৰ কিছুসময় পাছত তেওঁৰ মৃত্যু ঘটে বুলি জানিব সৰা গৈছে। শিক্ষকতাৰ উপৰিও কলিতা এগৰাকী সু-কবি আছিল। 

তেওঁ ওদালগুৰি সাহিত্য সভাৰ পত্ৰিকা সম্পাদকৰ উপৰিও ওদালগুৰি জিলা কবি সমাজৰ প্ৰাক্তন সভাপতিৰ লগতে ওদালগুৰিৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জৰিত হৈ আছিল। তেওঁ ১৯৬২ চনৰ ২৪ অক্টোৱৰ জন্ম গ্ৰহণ কৰা কলিতাই হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। পিছলৈ তেওঁ কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে এম এড ডিগ্ৰীও লাভ কৰে। 

কলিতাই ১৯৮৫ চনৰ ১মে’ত এগৰাকী সহকাৰী শিক্ষক হিচাপে ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ উপাধ্যক্ষ পদ লাভ কৰাৰ উপৰিও ২০১৭ চনৰ ১৩ জুনত বিদ্যালয়খনৰ অধ্যক্ষ পদলৈ পদোন্নতি লাভ কৰে। ওদালগুৰিৰ প্ৰায় সকলো দল-সংগঠনৰ সৈতে সম্পৰ্ক থকা প্ৰয়াত কলিতা আছিল এগৰাকী ভাল আবৃতিকাৰ। বিভিন্ন অনুষ্ঠানত স্বৰচিত কবিতাসমূহ আবৃতি কৰা দেখা গৈছিল। 

বিভিন্ন দল-সংগঠনে আয়োজন কৰা অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নিৰ্মাণ কৰি উলিওৱা স্মৃতিগ্ৰন্থৰ সম্পাদকৰ পদ শুৱনি কৰি আহিছিল কলিতাই। তেওঁৰ মৃত্যুৰ খবৰ সমগ্ৰ ওদালগুৰিতে বিয়পি পৰাৰ লগে লগে বিভিন্ন দল-সংগঠন, শিক্ষাসমাজ তথা সহকৰ্মী, শুভাকাংক্ষীসকলে শোক প্ৰকাশ কৰে। তেওঁৰ কৰ্মৰত বিদ্যালয়খনৰ ছাত্ৰীসকলে শোকত ভাগি পৰা পৰিলক্ষিত হয়৷ ইয়াৰ পাছত ওদালগুৰি চহৰৰ মাজেৰে কলিতাৰ নশ্বৰদেহ লৈ এক শোক সমদল উলিওৱা হয়।

সমদলৰ মাজতেই ওদালগুৰি সাহিত্য সভা, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই নিজৰ পতাকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছত নশ্বৰদেহ তেওঁৰ কৰ্মৰত বিদ্যালয়লৈ নিয়া হয়। বিদ্যালয়ৰ ছাত্ৰী আৰু সহকাৰী শিক্ষকসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অন্তত পোনে পোনে শ্মশানলৈ নি শেষ কৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেখেতে এগৰাকী পুত্ৰ সন্তান, এগৰাকী কন্যা আৰু পত্নীক এৰি যায়। অধ্যক্ষগৰাকীৰ মৃত্যুত ওদালগুৰি মহকুমা ছাত্ৰ সন্থা, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা, আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বিতোপন দাস, ওদালগুৰি সাহিত্য সভা, ভাৰতীয় জনতা যুৱ মৰ্চা ওদালগুৰি জিলা সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।